হোজাই,5ছেপ্টেম্বৰঃ ৩১ আগষ্টত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছতেই হোজাই লংকাৰ ডেৰাপথাৰত ৬ জনগোষ্ঠীয় লোকৰ মাজত সৃষ্টি হৈছিল হাহাকাৰ । ডেৰাপথাৰৰ প্ৰায় ৩ খন গাঁৱৰ ৪ হাজাৰ লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰাৰ পিছতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । সৰ্বমুঠ ৫ টা জনগোষ্ঠীৰ ক্ৰমে গাৰো, কোঁচ, ডালু, হাজং আৰু বাঙালী সম্প্ৰদায়ৰ ৪ হাজাৰ লোকৰ নাম অন্তৰ্ভুক্ত নহ'ল ৩১ আগষ্টত প্ৰকাশ পোৱা এন আৰ চি ৰ পূৰ্ণাংগ তালিকাত । উল্লেখ্য যে, পূব পাকিস্তানত ধৰ্মীয় হিংসাৰ বলি হোৱা এই ৬ জনগোষ্ঠীয় লোকে সেই সময়ৰ দেশৰ প্ৰধানমন্ত্ৰী জৱহৰলাল নেহৰু আহ্বান মৰ্মে ১৯৬৪ চনত অসমত প্ৰৱেশ কৰিছিল । তাৰ পৰৱৰ্তী সময়ত এই লোকসকলক লংকা ৰাজহ চক্ৰৰ ডেৰাপথাৰত সংস্থাপন দিয়ে চৰকাৰে । কিন্তু এই লোকসকলৰ উপযুক্ত নথি পত্ৰ থকাৰ পিছতো এন আৰ চিত নাম নহাত সমগ্ৰ বিষয়টো বুজ লয় নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে । ডেৰাপথাৰৰ প্ৰতি ঘৰ লোকৰ ঘৰত উপস্থিত হৈ এন আৰ চিৰ সংক্ৰান্তত বুজ লৈ সকলো বিজেপি চৰকাৰৰ গাফিলতি বুলি মন্তব্য কৰে সাংসদ প্ৰদ্যুত বৰদলৈয়ে ।
হোজাইত এন আৰ চিৰ পৰা বাদ পৰা পৰিয়ালৰ কাষত সাংসদ প্ৰদ্যুত বৰদলৈ - বিজেপি চৰকাৰ
হোজাই লংকাৰ ডেৰাপথাৰত উপস্থিত সাংসদ প্ৰদ্যুত বৰদলৈ । NRC ৰ সংক্ৰান্তত বুজ ল'বলৈ উপস্থিত সাংসদ গৰাকী । উপযুক্ত নথিপত্ৰ থকাৰ পিছতো বাদ পৰিছিল ৪০% জনগোষ্ঠীয় লোকৰ নাম। বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা সাংসদগৰাকীৰ ।
হোজাই,5ছেপ্টেম্বৰঃ ৩১ আগষ্টত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছতেই হোজাই লংকাৰ ডেৰাপথাৰত ৬ জনগোষ্ঠীয় লোকৰ মাজত সৃষ্টি হৈছিল হাহাকাৰ । ডেৰাপথাৰৰ প্ৰায় ৩ খন গাঁৱৰ ৪ হাজাৰ লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰাৰ পিছতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । সৰ্বমুঠ ৫ টা জনগোষ্ঠীৰ ক্ৰমে গাৰো, কোঁচ, ডালু, হাজং আৰু বাঙালী সম্প্ৰদায়ৰ ৪ হাজাৰ লোকৰ নাম অন্তৰ্ভুক্ত নহ'ল ৩১ আগষ্টত প্ৰকাশ পোৱা এন আৰ চি ৰ পূৰ্ণাংগ তালিকাত । উল্লেখ্য যে, পূব পাকিস্তানত ধৰ্মীয় হিংসাৰ বলি হোৱা এই ৬ জনগোষ্ঠীয় লোকে সেই সময়ৰ দেশৰ প্ৰধানমন্ত্ৰী জৱহৰলাল নেহৰু আহ্বান মৰ্মে ১৯৬৪ চনত অসমত প্ৰৱেশ কৰিছিল । তাৰ পৰৱৰ্তী সময়ত এই লোকসকলক লংকা ৰাজহ চক্ৰৰ ডেৰাপথাৰত সংস্থাপন দিয়ে চৰকাৰে । কিন্তু এই লোকসকলৰ উপযুক্ত নথি পত্ৰ থকাৰ পিছতো এন আৰ চিত নাম নহাত সমগ্ৰ বিষয়টো বুজ লয় নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে । ডেৰাপথাৰৰ প্ৰতি ঘৰ লোকৰ ঘৰত উপস্থিত হৈ এন আৰ চিৰ সংক্ৰান্তত বুজ লৈ সকলো বিজেপি চৰকাৰৰ গাফিলতি বুলি মন্তব্য কৰে সাংসদ প্ৰদ্যুত বৰদলৈয়ে ।
NRC ৰ সংক্ৰান্তত বুজ ল'বলৈ উপস্থিত সাংসদ গৰাকী ।
উপযুক্ত নথিপত্ৰ থকাৰ পিছতো বাদ পৰিছিল ৪০% জনগোষ্ঠীয় লোকৰ নাম।
বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা সাংসদগৰাকীৰ ।
৩১ আগষ্টত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছতেই হোজাই জিলাৰ লংকাৰ ডেৰাপথাৰত ৬ জনগোষ্ঠীয় লোকৰ মাজত সৃষ্টি হৈছিল হাহাকাৰ ।ডেৰাপথাৰৰ প্ৰায় ৩ খন গাঁৱৰ ৪ হাজাৰ লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰাৰ পিছতেই সৃষ্টি হৈ পৰিছে তীব্ৰ প্ৰতিক্ৰিয়া ।সৰ্বমুঠ ৫ টা জনগোষ্ঠীৰ ক্ৰমে গাৰো,কোচ,ডালু,হাজং আৰু বাঙালী সম্প্ৰদায়ৰ ৪ হাজাৰ লোকৰ নাম অন্তৰ্ভুক্ত নহ'ল ৩১ আগষ্টত প্ৰকাশ পোৱা এন আৰ চি ৰ পূৰ্ণাংগ তালিকাত ।উল্লেখ্য যে,পূব পাকিস্তান ত ধৰ্মীয় হিংসাৰ বলি হোৱা এই ৬ জনগোষ্ঠীয় লোকে সেই সময়ৰ দেশৰ প্ৰধানমন্ত্ৰী জৱহৰলাল নেহৰু আহ্বান মৰ্মে ১৯৬৪ চনত অসমত প্ৰৱেশ কৰিছিল ।আৰু পৰবৰ্তী সময়ত এই লোকসকলক লংকা ৰাজহ চক্ৰৰ ডেৰাপথাৰত সংস্থাপন দিয়ে চৰকাৰে ।কিন্তু,লক্ষণীয় ভাৱে এই লোকসকলৰ উপযুক্ত নথি পত্ৰ থকাৰ পিছতো এন আৰ চিত নাম নহাত সমগ্ৰ বিষয়টো বুজ লয় নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে ।ডেৰাপথাৰৰ প্ৰতি ঘৰ লোকৰ ঘৰত উপস্থিত হৈ এন আৰ চিৰ সংক্ৰান্তত বুজ লৈ এয়া বিজেপি চৰকাৰৰ গাফিলতি বুলি মন্তব্য প্ৰদান কৰে ।
Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam