ETV Bharat / state

হোজাইত পৌৰ কৰ্মচাৰীৰ প্ৰতিবাদ

হোজাই জিলাৰ শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সম্মুখত পৌৰসভা সমিতিৰ উত্তাল প্ৰতিবাদ ৷ বিভিন্ন দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান ৷

HOJAI MUNICIPALITY WORKER PROTEST
হোজাইত পৌৰ কৰ্মচাৰীৰ প্ৰতিবাদ
author img

By

Published : Aug 31, 2020, 5:01 PM IST

হোজাই, 31 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে সোমবাৰে হোজাই জিলাৰ শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সম্মুখত পৌৰসভা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

ৰাজ্য চৰকাৰে 2013 চনৰ 4 ছেপ্তেম্বৰ তাৰিখে গ্ৰহণ কৰা পৌৰ কৰ্মচাৰী সকলৰ চাকৰি চৰকাৰীকৰণৰ কেবিনেট সিদ্ধান্ত কাৰ্যকৰী কৰি অধিসূচনা জাৰি কৰা, পৌৰ কৰ্মচাৰী সকলৰ 3 মাহৰ পৰা 27 মাহ পৰ্যন্ত অনাদায় দৰমহা অতিশীঘ্ৰে আদায় দিয়া, পৌৰসভাত কৰ্মৰত হৰিজন, চাফাই কৰ্মচাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰীক অতিশীঘ্ৰে নিয়মীয়াকৰণ কৰা, পৌৰ সভাত নতুন নিযুক্তি বন্ধ কৰা আদিৰ দাবীত জিলাখনৰ চাৰিটা পৌৰ সভাৰ কৰ্মীয়ে উপায়ুক্ত কাৰ্যালয়ৰ সম্মূখত এই প্ৰতিবাদ সাব্যস্ত কৰে ।

হোজাইত পৌৰ কৰ্মচাৰীৰ প্ৰতিবাদ

উক্ত প্ৰতিবাদৰ পিচত জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী, নগৰ উন্নয়ন মন্ত্ৰীলৈ পৌৰ কৰ্মীসকলে এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত জিলাখনৰ লংকা, হোজাই, লামডিং, ডৱকা পৌৰসভা সমিতিৰ শতাধিক পৌৰকৰ্মীয়ে অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে, অহা 1 ছেপ্তেম্বৰৰ পৰা 3 ছেপ্তেম্বৰলৈ পৌৰ কৰ্মী সকলে নিজ নিজ কাৰ্যালয়ত সাব্যস্ত কৰিব তিনিদিনীয়া অৱস্থান ধৰ্মঘট ।

লগতে পঢ়ক : দুৰ্নীতিৰ অভিযোগত পোত গৈছে খোনাৰপাৰ প্ৰাথমিক বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.