হোজাই,27 ফেব্ৰুৱাৰীঃ হোজাইত সংঘটিত হৈছে ধৰ্ষণৰ ঘটনা ৷ এগৰাকী 5 বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা কৰে দুৰ্বৃত্তই ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান উত্তপ্ত হৈ পৰিছে হোজাই চহৰ ৷ ঘটনাক কেন্দ্ৰ কৰি ৰাইজে সৃষ্টি কৰিছে আৰক্ষী থানা চৌহদত উপস্থিত হৈ সৃষ্টি কৰিছে প্ৰতিবাদ ৷ দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত স্থানীয় ৰাইজে সাব্যস্ত কৰে এই প্ৰতিবাদ ।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আটক কৰে চন্দন ওৰফে বিক্ৰম হৰিজন নামৰ ব্যক্তিজনক ৷ বিক্ৰমে আৰক্ষীৰ জেৰাত অপকৰ্মৰ বিষয়ে নিজ মুখে স্বীকাৰ কৰে ৷