বিশাল শোভাযাত্ৰাৰে চমক বিধায়ক শিলাদিত্য়ৰ - 10015
আগন্তক বিধানসভা নিৰ্বাচনকলৈ তৎপৰ হৈছে বিধায়ক শিলাদিত্য দেৱ । কেইবাহাজাৰ লোকক লৈ বিধায়ক শিলাদিত্যই উলিয়ালে পঞ্চায়ত মেলাৰ বিশাল শোভাযাত্ৰা ।
![বিশাল শোভাযাত্ৰাৰে চমক বিধায়ক শিলাদিত্য়ৰ বিশাল শোভাযাত্ৰাৰে চমক বিধায়ক শিলাদিত্য়ৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10536079-926-10536079-1612706095054.jpg?imwidth=3840)
হোজাই,৭ ফেব্ৰুৱাৰী: নিৰ্বাচন অহাৰ লগে লগে এতিয়া প্ৰতিজন বিধায়কে নিজ নিজ সমষ্টিৰ ৰাইজৰ কাষ চাপিছে । সমষ্টিত বিভিন্ন ধৰণৰ নিৰ্বাচনী প্ৰচাৰ ব্য়স্ত হৈছে প্ৰতিজন বিধায়ক । ইয়াৰ মাজতে হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য় দেৱে আকৌ এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে । শনিবাৰে নিজৰ সমষ্টিটোত কেইবা হাজাৰ লোকক লৈ শক্তি প্ৰদৰ্শনেৰে বিধায়কগৰাকীৰ নেতৃত্বত উলিওৱা হ'ল এক বিশাল শোভাযাত্ৰা । ৰাধানগৰ পঞ্চায়তত ৫দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা বিশাল পঞ্চায়ত মেলাৰ অংশস্বৰূপে উলিওৱা হয় এই শোভাযাত্ৰাৰ।
উক্ত পঞ্চায়ত মেলাত প্ৰদৰ্শন কৰা হৈছে চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনি । পঞ্চায়ত শক্তিশালী হ'লে দেশ শক্তিশালী হ'ব বুলি এই শোভাযাত্ৰাত অংশ লৈ বিধায়কগৰাকীয়ে মন্তব্য় কৰে আৰু এই উদ্দেশ্য় আগত ৰাখি এই মেলাৰ আয়োজন কৰা হৈছে বুলি জনাই বিধায়কগৰাকীয়ে । বিভিন্ন জাতি-জনগোষ্ঠীৰ কেইবা হাজাৰ লোকে অংশগ্ৰহণ কৰে এই বাৰেৰহণীয়া শোভাযাত্ৰাত । ইফালে উক্ত পঞ্চায়ত মেলাত অহা ১০ তাৰিখে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলিও জনালে বিধায়ক গৰাকীয়ে ।
লগতে পঢ়ক:যোৰহাট চহৰত এজন ব্যৱসায়ীৰ নিজা প্ৰচেষ্টাত নিৰ্মাণ ৰাজহুৱা শৌচাগাৰ