ETV Bharat / state

নাৰী সৰবৰাহৰ অভিযোগত খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ নেতা অমিতাভ শৰ্মাক আটক

খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ প্ৰতিষ্ঠাপক, সম্পাদক অমিতাভ শৰ্মাৰ বিৰুদ্ধে এগৰাকী বিবাহিত মহিলাক অপহৰণ আৰু বিক্ৰী কৰাৰ অভিযোগ ৷

author img

By

Published : Mar 16, 2019, 5:34 AM IST

খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ প্ৰতিষ্ঠাপক সম্পাদক অমিতাভ শৰ্মাক আতক

হোজাই,15মাৰ্চ-- শুকুৰবাৰে হোজাইৰ কাকী আৰক্ষীয়ে আটক কৰে খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ প্ৰতিষ্ঠাপক সম্পাদক অমিতাভ শৰ্মাক ৷ এগৰাকী বিবাহিত মহিলাক অপহৰণ আৰু বিক্ৰী কৰাৰ অভিযোগত হোজাই জিলাৰ কাকী আৰক্ষীয়ে আটক কৰে খিলঞ্জীয়া অধিকাৰ মৰ্চা নামৰ সংগঠনটোৰ প্ৰতিষ্ঠাপক সম্পাদক অমিতাভ শৰ্মাক।

খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ প্ৰতিষ্ঠাপক সম্পাদক অমিতাভ শৰ্মাক আতক
৭ মাৰ্চত কাকী আৰক্ষীয়ে নেপালৰপৰা ভুক্তভোগী মহিলাগৰাকীক উদ্বাৰ কৰাৰ পাছত মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত শুকুৰবাৰে দিছপুৰ আৰক্ষীৰ সহযোগত কাকী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অমিতাভক ৷

উল্লেখযোগ্য যে ৫ মাহ পূৰ্বে মহিলাগৰাকীৰ সৈতে ফে'চবুকৰ জৰিয়তে চিনাকী হৈছিল অমিতাভৰ ৷ তিনিটা সন্তানৰ সৈতে কাকী টিলাবজাৰত বাস কৰা মহিলাগৰাকীক ২৪ জানুৱাৰীত অমিতাভে খিলঞ্জীয়া মৰ্চাৰ মিটিং আছে বুলি গুৱাহাটীলৈ মাতি নি বৰ্লপূৰ্বকভাৱে নেপাললৈ লৈ যায়। নেপালত নি মহিলাগৰাকীক শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলোৱাৰ উপৰিমহিলাগৰাকীক ভয়-ভাবুকিৰে আবদ্ধ কৰি ৰাখি অমিতাভ শৰ্মাই খিলঞ্জীয়া অধিকাৰ মৰ্চা নামৰ সংগঠনটোৰ হৈ কাম কৰিবলৈ তীব্ৰ হেঁচা প্ৰয়োগ কৰে ৷ লগতে হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱক হত্যা কৰিবলৈ প্ৰৰোচিত কৰা বুলি বিস্ফোৰক মন্তব্য আগবঢ়ায় মহিলাগৰাকীয়ে ৷ অমিতাভ শৰ্মাই মহিলাগৰাকীক ভীতি প্ৰদৰ্শনৰে নেপালত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেওক একো কৰিব নোৱাৰে বুলিও ভয় খুৱায়মহিলাগৰাকীক ।

Slug : Hojai Lanka police arrest kidnapper Amitav sarma

Date:15/3/19

Vis : email

Story :এগৰাকী বিবাহিত মহিলাক অপহৰণ আৰু বিক্ৰী কৰাৰ অভিযোগত হোজাই জিলাৰ কাকী আৰক্ষীয়ে আটক কৰে খিলঞ্জীয়া অধিকাৰ মৰ্চা নামৰ সংগঠনটোৰ প্ৰতিষ্ঠাপক সম্পাদক অমিতাভ শৰ্মাক।ভূক্তভোগী মহিলাগৰাকীক যোৱা ৭ মাৰ্চত কাকী আৰক্ষীয়ে নেপালৰপৰা উদ্বাৰ কৰাৰ পাছত মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত আজি দিচপুৰ আৰক্ষীৰ সহযোগত কাকী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অমিতাভ শৰ্মাক।লংকাৰ কাকী আৰক্ষী থানাৰ অন্তৰ্গত তিনি নম্বৰ কাকী টিলাবজাৰৰ  তিনিটা সন্তানৰ বিবাহিত মহিলাগৰাকী অমিতাভ ৰ স'তে ফে'চবুকৰ জৰিয়তে ৫ মাহ পূৰ্বে চিনাকী হয়।সামাজিক মাধ্যমত থকা খিলঞ্জীয়া অধিকাৰ মৰ্চা নামৰ সংগঠনটোৰ পে'জত চিনাকী হোৱাৰ সূত্ৰে যোৱা ২৪ জানুৱাৰীত খিলঞ্জীয়া মৰ্চাৰ মিটিং আছে বুলি গুৱাহাটীলৈ মাতি নি অমিতাভ  শৰ্মাই বৰ্লপূৰ্বক নেপাললৈ লৈ যায়।নেপালত নি মহিলাগৰাকীক শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলোৱা অমিতাভ শৰ্মাই তাতে আৱদ্ধ কৰি ৰাখি থয়।মহিলাগৰাকীক বিভিন্ন ভয়-ভাবুকিৰে আৱদ্ধ কৰি ৰখা অমিতাভ শৰ্মাই খিলঞ্জীয়া অধিকাৰ মৰ্চা নামৰ সংগঠনটোৰ হৈ কাম কৰিবলৈ তীব্ৰ হেঁচা প্ৰয়োগ কৰি হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱক হত্যা কৰিবলৈ প্ৰৰোচিত কৰা বুলি বিস্ফোৰক মন্তব্য আগবঢ়ায় মহিলাগৰাকীয়ে।লগতে অমিতাভ শৰ্মাই  মহিলাগৰাকীক ভীতি প্ৰদৰ্শনৰে নেপালত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেওক একো কৰিব নোৱাৰে বুলিও মন্তব্য কৰাৰ অভিযোগ কৰিচে মহিলাগৰাকীয়ে।আনহাতে,এইজন অমিতাভ শৰ্মায়ে গুৱাহাটীৰ এটি অঞ্চলত অবৈধ কাৰ্য-কলাপেৰে এটি সংগঠন চলাই থকা বুলি উল্লেখ কৰি অমিতাভ শৰ্মা নামৰ লোকজনৰ কৱলত বহু মহিলা-যুৱতী আৱদ্ধ হৈ আছে বুলি আন এক বিস্ফোৰক অভিযোগ কৰে মহিলাগৰাকীয়ে। 

হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.