ETV Bharat / state

হোজাইৰ চিকিৎসালয়ত নিশা উত্তপ্ত পৰিস্থিতি

চিকিৎসক নথকাক কেন্দ্ৰ কৰি উত্তেজনা চিকিৎসালয়ত

হোজাইত নিশা উত্তপ্ত পৰিস্থিতি
author img

By

Published : Feb 22, 2019, 12:47 PM IST

হোজাই,২২ ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে হোজাইৰ কাকী প্ৰাথমিক চিকিৎসালয়ত নিশা উত্তপ্ত পৰিস্থিতি । যি সময়ত অসমৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত্ৰ বিশ্ব শৰ্মাই ৰাজহুৱা সভাই-সমিতিয়ে পৰিবৰ্তনৰ ঢাক-ঢোল বজাই থকা পৰিলক্ষিত হৈছে তেনে সময়তেই তেওঁৰ স্বাস্থ্য বিভাগেই উদঙাইছে পৰিবৰ্তনৰ ফোপোলা স্বৰূপ । বিগত দুই-ডেৰ মাহ ধৰি নিশা ডক্তৰৰ অভাৱত জমৰ-যাতনা ভুগিব লগা হৈছে কাকী অঞ্চলৰ সাধাৰণ জনতাই । তাৰ ফলস্বৰূপেই বৃহস্পতিবাৰে কাকী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নিশা সংঘটিত হ'ল এক অপ্ৰীতিকৰ ঘটনা ।

হোজাইত নিশা উত্তপ্ত পৰিস্থিতি

উল্লেখ্য় যে বৃহস্পতিবাৰে উম প্ৰকাশ বৰা নামৰ কাকীৰ এজন লোক নিশা দূৰ্ঘটনাত পতিত হয় । পাচত স্থানীয় ৰাইজে বৰাক কাকী প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও ডাক্তৰ তথা পৰ্যাপ্ত পৰিমানৰ সা-সুবিধা নোপোৱাত স্থানীয় ৰাইজ তথা অবিভাৱকসকলে ক্ষোভত পৰিস্থিতি উত্তপ্ত কৰি তোলে । ইপিনে নিশা কৰ্মৰত নাৰ্চেওবিগত ডেৰ-দুই মাহ ধৰি নিশা ডাক্তৰ নথকা বুলি স্বীকাৰ কৰে । এই ঘটনাৰ পাচতে স্থানীয় ৰাইজে কাকী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসক নথকা সন্দৰ্ভত এক তদন্তৰ দাবী জনাইছে ।

SLUG : হোজাই জিলা কাকী প্ৰাথমিক চিকিৎসালয়ত নিশা উত্তপ্ত পৰিস্থিতি |

Date : 22.02.2019

Vis : email

STORY:হোজাই জিলা কাকী প্ৰাথমিক চিকিৎসালয়ত নিশা উত্তপ্ত পৰিস্থিতি |চিকিৎসালয়ত চিকিৎসক নথকাক কেন্দ্ৰ কৰি এই উত্তেজনা | ডেৰ-দুই মাহ ধৰি নিশা চিকিত্সক নথকাৰ কথা স্বীকাৰ নাৰ্চৰ | পৰিবৰ্তন পৰিবৰ্তন আৰু পৰিবৰ্তন | যিটো সময়ত অসমৰ স্বাস্থ্য  মন্ত্ৰী ড• হিমন্ত্ৰ বিশ্ব শৰ্মাই অসমৰ সামগ্ৰীক ক্ষেত্ৰত ৰাইজৰ সম্মূখত ৰাজহুৱা সভা সমিতিয়ে পৰিবৰ্তনৰ  ঢোল-খোল বজাই থকা পৰিলক্ষিত হৈছে তেনে সময়তেই তেওৰ নিজৰ স্বাস্থ্য বিভাগয়েই উদঙাইছে পৰিবৰ্তনৰ ফোপোলা স্বৰূপ |  বিগত দুই-ডেৰ মাহ ধৰি নিশা ডক্তৰৰ অভাৱত জমৰ-যাতনা ভূগিৱ লগা হৈছে বৃহত্তৰ কাকী অঞ্চলৰ সাধাৰণ জনতাই | তাৰ ফল স্বৰূপেই কাকী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নিশা সংঘটিত হল এক অপ্ৰীতিকৰ ঘটনা |উম প্ৰকাশ বৰা নামৰ কাকীৰ শিক্ষক এজনে নিশা বাইক লৈ নিজ ঘৰলৈ গৈ থকা অৱস্হাত আধবাটতে দূৰ্ঘটনাত পতিত হয় | পিছত স্হানীয় ৰাইজৰ সহযোগত শিক্ষক বৰাক কাকী প্ৰাথমিক চিকিত্সালয়ত ভৰ্তি কৰাই যদিও ডক্তৰ তথা পযাপ্ত পৰিমানৰ সা-সুবিধা ৰোগীজনে নোপোৱাত স্হানীয় ৰাইজ তথা অবিভাৱক সকল অগ্নিশৰ্মা হৈ পৰিস্হিতি উত্তপ্ত কৰি তোলে | আনকি নিশা কৰ্মৰত নাৰ্চেও  বিগত ডেৰ-দুই মাহ ধৰি নিশা ডক্তৰ নথকা বুলি স্বীকাৰ কৰে | পিছত ৰোগীগৰাকীক  এম্বুলেঞ্চৰ সহায়ত লংকা আৰু পিছত হোজাইৰ ব্যক্তিগত চিকিত্সালয়লৈ উন্নত চিকিত্সাৰ বাবে প্ৰেৰণ কৰা হয় | এইক্ষেত্ৰত স্থানীয় ৰাইজে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।।

হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.