ETV Bharat / state

সাংবাদিকক অভব্য আচৰণ কৰি ক্ষমা বিচাৰিলে বনবিষয়াই

কাকী আঞ্চলিক বন বিষয়াই কাৰ্যালয়ত সুৰা সেৱন কৰি থকাৰ বাতৰি পৰিৱেশন কৰাৰ বাবেই বনবিষয়া মনোজ শৰ্মাই প্ৰাণে মৰাৰ ভাবুকি দিছিল গৌতম মেছ নামৰ এগৰাকী ৱেব পৰ্টেলৰ সাংবাদিকক ৷ সাংবাদিক গৰাকীৰ পত্নীকো দিছিল অশালীন প্ৰস্তাৱ লগতে সাংবাদিক গৰাকীৰ বিৰুদ্ধে ৰুজু কৰিছিল এক গোচৰ ৷ অৱশেষত নিজৰ দোষ স্বীকাৰ কৰি গোচৰ প্ৰত্যাহাৰ কৰাৰ লগতে সাংবাদিক গৰাকীক ক্ষমা বিচাৰিলে বনবিষয়া মনোজ শৰ্মাই ৷

author img

By

Published : Dec 7, 2019, 12:00 AM IST

Updated : Dec 7, 2019, 5:34 AM IST

কাকীত বন বিষয়াৰ সাংবাদিক অভব্য আচৰণ: ক্ষমা বিচাৰিলে অভিযুক্ত বনবিষয়াই
কাকীত বন বিষয়াৰ সাংবাদিক অভব্য আচৰণ: ক্ষমা বিচাৰিলে অভিযুক্ত বনবিষয়াই

হোজাই, 6 ডিচেম্বৰ: অৱশেষত ক্ষমা খুজিলে সাংবাদিকক দুৰ্ব্যৱহাৰ কৰি বন বিভাগক লজ্জানত কৰা কাকী আঞ্চলিক বন বিষয়া মনোজ শৰ্মাই ৷ কিছুদিন পূৰ্বে এটা ৱেব পৰ্টেলত তেওঁৰ বিৰুদ্ধে কাৰ্যালয়ত মদ্যপান কৰি থকা এক বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে তেওঁ ফোনযোগে প্ৰাণে মৰাৰ ভাবুকি দিছিল সেই বাতৰিটো পৰিৱেশন কৰা সাংবাদিক গৌতম মেছক ৷ আনকি মেছৰ পত্নীকো বন বিষয়া গৰাকীয়ে দিছিল অশ্লীল প্ৰস্তাৱ ৷ এই ঘটনাৰ পাছতে বৃহত্তৰ কাকী অঞ্চলৰ সচেনত মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ অভিযুক্ত বনবিষয়া গৰাকীয়ে সাংবাদিক গৌতম মেছৰ বিৰুদ্ধে কাকী থানাত এক গোচৰো ৰুজু কৰিছিল ৷

কাকীত বন বিষয়াৰ সাংবাদিক অভব্য আচৰণ: ক্ষমা বিচাৰিলে অভিযুক্ত বনবিষয়াই

কিন্তু, শুক্ৰবাৰে অৱশেষত গোচৰ সন্দৰ্ভত কাকী আৰক্ষীয়ে বনবিষয়া মনোজ শৰ্মাক থানালৈ মাতি অনাত সাংবাদিক গৰাকীৰ ওচৰত নিজ ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰিলে বন বিষয়াগৰাকীয়ে লগতে উঠাই ল'লে সাংবাদিক গৌতম মেছৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ ৷ ইয়াৰ পাচতেই বৰ্তমান অৱসান ঘটাৰ দিশে অগ্ৰসৰ হৈছে সমগ্ৰ ঘটনা ৷

আৰু পঢ়ক: "কেব" বিৰোধী আন্দোলনক কঠোৰ হাতেৰে দমন কৰিবলৈ ডি জি পিক নিৰ্দেশ

Intro:হোজাই জিলাৰ কাকী বনবিষয়াৰ অভব্য আচৰণ৷বাতৰি পৰিবেষণ কৰা সাংবাদিকক প্ৰাণে মাৰা ভাবুকি৷Body:হোজাই জিলাৰ কাকী বনবিষয়াৰ অভব্য আচৰণ৷বাতৰি পৰিবেষণ কৰা সাংবাদিকক প্ৰাণে মাৰা ভাবুকি৷সাংবাদিকৰ পত্নীকলৈ অশালীন মন্তব্য৷

হোজাই জিলাৰ কাকী এগৰাকী বনবিষয়াৰ অভব্য আচৰনে সচেতন সমাজৰ চকু কপালত উঠাৰ লগতে বনবিভাগকটোক লজ্জানত কৰিছে৷উল্লেখ যে কিছুদিন পুব্বে কাকী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ বন বিষয়া মনোজ শৰ্মায়ে কাৰ্যালয়ৰ ভিতৰতে এজন বন মাফিয়াৰ সৈতে সুৰা সেৱন কৰি থকাৰ বাতৰি এটা ওয়েৱ পৰ্টেলত পৰিবেষণ কৰিছিল৷ইয়াতে ক্ষুন্ন হৈ বনবিষয়া গৰাকীয়ে সাংবাদিক গৌতম মেছলৈ ফোন কৰি প্ৰাণে মাৰা ভাবুকি প্ৰদান কৰাৰ লগতে সাংবাদিক গৰাকীৰ পত্নীক অশ্লীল প্ৰস্তাৱ দিয়ে৷ইয়াৰ পাছত গৌতম মেছ নামৰ প্ৰতিবিম্ব লাইভৰ সাংবাদিক গৰাকীয়ে কাকী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷এজাহাৰৰ ভিত্তিত কাকী আৰক্ষীয়ে মনোজ শৰ্মাক থানালৈ মাতি অনাত বিষয়া গৰাকীয়ে নিজৰ ভুল স্বিকাৰ কৰি গৌতম মেছক ক্ষমা খোজাত গোছৰটো প্ৰত্যাহাৰ কৰে৷উল্লেখ যে বন বিষয়া গৰাকীয়ে কাকীত যোগদান কৰাৰ পাছৰে পৰা কাকীত সন্ত্ৰশ সৃষ্টি কৰি বৈধ গাড়ী সমুহে শিল বালি,মাটি আদি অনাত হাৰাশাস্থি সৃষ্টি কৰি অবৈধ শিল মাটি, বালি আদি সৰবৰাহৰ এক ৰমৰমীয়া ব্যৱসায় কৰি আহিছিল৷

বাইট, গৌতম মেছ
বাইট মনোজ শৰ্মা
বাইট স্থানীয় ব্যক্তি

Conclusion:
হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
Last Updated : Dec 7, 2019, 5:34 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.