ETV Bharat / state

হোজাইত বনৰীয়া হাতীয়ে ভাঙিলে 10টা ঘৰ - বনাঞ্চল

হোজাই জিলাত বনৰীয়া হাতীয়ে তাণ্ডৱ । বনৰীয়া হাতীয়ে ভাঙি পেলালে বাসগৃহ ৷ হাতীৰ জাকটোত আছিল প্ৰায় 40টা হাতী ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক ৷

Hojai Elephant Destroy
হোজাইত বনৰীয়া হাতীয়ে ভাঙি পেলালে 10টা ঘৰ
author img

By

Published : Nov 2, 2020, 5:51 PM IST

হোজাই,2নৱেম্বৰ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ সোমবাৰে পুৱতি নিশা হোজাইত বনৰীয়া হাতীয়ে চলাই তাণ্ডৱ ৷ বনৰীয়া হাতীয়ে ভাঙি-ছিঙি লণ্ড-ভণ্ড কৰে দহটাকৈ বাসগৃহ ৷ লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকটোত আছিল প্ৰায় 40টা হাতী ৷ স্থানীয় ৰাইজৰ মন্তব্য অনুসৰি, অঞ্চলটোত দীৰ্ঘদিন ধৰি বনৰীয়া হাতীয়ে চলাই আহিছে তাণ্ডৱ ৷ বন বিভাগক এই ক্ষেত্ৰত বহুবাৰ জনোৱা হৈছে যদিও বন বিভাগে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷

ইফালে, হাতীৰ জাকটোৱে অঞ্চলটোৰ এডৰা কুঁহিয়াৰ খেতিৰ মাজত অৱস্থান কৰি থকাত শংকিত হৈ পৰিছে অঞ্চলবাসী ৷ বৰ্তমান ঘটনাস্থলীত লংকা বনবিভাগৰ লোক উপস্থিত হৈ কুঁহিয়াৰ খেতি ডৰাতে আৱদ্ধ কৰি ৰাখিছে হাতীৰ জাকটোক ৷

অন্য এক খবৰৰ বাবে: চিৰাঙত আৰক্ষীৰ অভিযানত লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.