ETV Bharat / state

হোজাইৰ উচ্ছেদিত লোকৰ কাষত আমছু নেতৃবৰ্গ - উচ্ছেদ অভিযান

দেওবাৰে হোজাইৰ কাকীত তিনি হাজাৰ বিঘা ভূমিত প্ৰশাসনে চলাইছিল উচ্ছেদ অভিযান ৷ পৰৱৰ্তী সময়ত উচ্ছেদিত লোকসকলে খাদ্য আৰু বাসস্থানৰ অভাৱত হাহাকাৰ কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হোৱাত এই লোকসকলৰ ওচৰত মঙলবাৰে উপস্থিত হয় আমছুৰ হোজাই জিলা সমিতিৰ এটা দল ৷

hojai-district-aamsu-leaderships-went-to-evicted-people-of-kaki
হোজাইৰ উচ্ছেদিত লোকৰ কাষত উপস্থিত হ’ল আমছু
author img

By

Published : Jun 9, 2021, 11:24 AM IST

হোজাই,9 জুন : হোজাই জিলাৰ কাকীত তিনিহাজাৰ বিঘা মাটিত চলোৱা উচ্ছেদ (eviction) অভিযানৰ পিছত উচ্ছেদিত ৰাইজৰ কাষত মঙলবাৰে উপস্থিত হয় আমছু (All Assam Minority Students' Union ) ৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ আৰু সাধাৰণ সম্পাদক ইমতিয়াজ হুছেইনসহ সংগঠনটোৰ হোজাই জিলা সমিতিৰ এটা দল ৷

হোজাইৰ উচ্ছেদিত লোকৰ কাষত উপস্থিত হ’ল আমছু

উল্লেখ্য যে, লংকা ৰাজহ চক্ৰৰ অন্তৰ্গত তিনি হাজাৰ বিঘা ভূমিত দেওবাৰে প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল । এই উচ্ছেদিত অঞ্চলসমূহৰ ৰাইজক সেই স্থানৰ পৰা স্থানান্তৰৰ কোনো সুবিধা প্ৰদান নকৰাকৈয়ে এই অভিযান চলোৱা হৈছিল বুলিও সম্প্ৰতি উত্থাপিত হৈছে অভিযোগ ৷ ইয়াৰ ফলত এতিয়া বিপাঙত পৰিছে উচ্ছেদিত লোকসকল (evicted people) ৷ সম্প্ৰতি খাদ্য আৰু বাসস্থানৰ অভাৱত হাহাকাৰ কৰিবলগাত পৰিছে উচ্ছেদিত লোকসকল ৷

লগতে পঢ়ক: কৃষকৰ পৰা 20,000 মেট্ৰিক টন ধান ক্ৰয়ৰ সিদ্ধান্ত ত্ৰিপুৰা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.