ETV Bharat / state

লামডিঙত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ - unidentified dead body found in lumding

শুকুৰবাৰে লামডিঙত উদ্ধাৰ হ'ল এজন অচিনাক্ত লোকৰ মৃতদেহ । লামডিং আৰু পাথৰখলা ৰে'ল ষ্টেচনৰ মাজত ৰে'লৱে ক্ৰ'ছিঙৰ সমীপতে উদ্ধাৰ হয় মৃতদেহটো । বৃহস্পতিবাৰে নিশা ৰে'লৰ খুন্দাত লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ আৰক্ষীৰ ।

unidentified dead body found in lumding
শুকুৰবাৰে লামডিঙত উদ্ধাৰ হ'ল এজন অচিনাক্ত লোকৰ মৃতদেহ
author img

By

Published : Apr 16, 2021, 5:57 PM IST

হোজাই, ১৬ এপ্ৰিল: লামডিঙত ৰে'ল লাইনৰ দাঁতিত এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । শুকুৰবাৰে লামডিং আৰু পাথৰখলা ৰে'ল ষ্টেচনৰ মাজত ৰে'লৱে ক্ৰ'ছিঙৰ সমীপতে মৃতদেহটো উদ্ধাৰ হয় ।

স্থানীয় ৰাইজে মৃত লোকজনক প্ৰত্যক্ষ কৰাৰ পিছতে লামডিং ৰে'ল আৰক্ষীক খবৰ দিয়ে । লামডিং ৰে'ল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ লোকজনৰ মৃতদেহ লামডিং আৰক্ষীক গতাই দিয়ে । মৃত লোকজনৰ বয়স প্ৰায় ৫০ বছৰ বুলি ধাৰণা কৰা হৈছে ৷ বৰ্তমানেও মৃত ব্যক্তিজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই আৰু পৰিয়ালৰ কোনো লোকৰো সন্ধান ওলোৱা নাই ৷

বৃহস্পতিবাৰে নিশা ৰে'লৰ খুন্দাত লোকজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত লামডিং ৰে'ল আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে । সম্প্ৰতি লামডিং আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু অসামৰিক চিকিৎসা কেন্দ্ৰ লৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক:বিলাসীপাৰা মাৰোৱাৰী সমাজে পালন কৰিলে গোসাঁই বিহু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.