হোজাই, 29 জুলাই : বুধবাৰে আজমল ফাউণ্ডেচনৰ তৰফৰ পৰা হোজাইৰ 11 গৰাকী অপ্ৰাদেশীকৃত শিক্ষকলৈ 10 হাজাৰ টকাকৈ নগদ 1 লাখ 10 হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয় ৷
জানিব পৰা মতে,চৰকাৰীভাৱে উপেক্ষিত শিক্ষক সকলে অতি দুখ-কষ্টৰ মাজেৰে পৰিয়াল পোহপাল দি আহিছে ৷ যাৰবাবে এই শিক্ষক সকলক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ফুলাম গামোচা,আৰু নগদ দহ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয় ৷
উল্লেখ্য যে,মৌলানা বদৰুদ্দিন আজমল আৰু চিৰাজুদ্দিন আজমলৰ নিৰ্দেশত পুনৰ তেওঁলোকক 10 হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰা হ'ব বুলি আজমল ফাউণ্ডেচনৰ সঞ্চালক ড° খছৰুল ইছলামে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : ঈদ-উল-আজহা উপলক্ষে ঘৰতে নামাজ আদায় কৰিবলৈ আহ্বান শিৱসাগৰ প্ৰশাসনৰ