হোজাই, 12 জুলাই : অসাৰ ৰাজ্য চৰকাৰৰ উন্নয়নৰ শ্ল'গান ৷ অসাৰ ১০৮ এম্বুলেন্স সেৱা ৷ স্বাস্থ্যখণ্ডৰ স্বৰূপ আজিও ঠেলা গাড়ীয়েই ৷ ১০৮ এম্বুলেন্স সেৱাৰ পৰা বঞ্চিত হৈ ঠেলাতেই চিকিৎসালয়লৈ নিবলগীয়া হৈছে প্ৰসূতি ৷ এই ঘটনা হোজাইৰ কাকী গ্ৰামাঞ্চলৰ ৷ অঞ্চলটোৰ এগৰাকী গৰ্ভৱতীক মহিলাৰ প্ৰসৱ বেদনা আৰম্ভ হোৱাত মহিলাগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ বাবে 108 জৰুৰী সেৱালৈ যোগাযোগ কৰা হয় ৷ যদিও পকীপথ তথা পথৰ সুবিধাজনক ব্যৱস্থা নথকাৰ বাবেই অঞ্চলটোলৈ মৃত্যুঞ্জয় সেৱাৰ গাড়ী আহিবলৈ অমান্তি হয় ৷ ফলত এনেদৰে ঠেলাত মহিলাগৰাকীক লৈ যোৱা হয় কাকী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ ৷ স্বাস্থ্যকেন্দ্ৰটোত মহিলাগৰাকীয়ে এটি সন্তান প্ৰসৱ কৰে যদিও ঠেলাৰে কঢ়িয়াই আনি গভৰ্ৱতী মহিলাক এইদৰে প্ৰসৱ কৰা এনে ঘটনাই উদঙাই দিছে স্বাস্থ্যখণ্ডৰ প্ৰকৃত স্বৰূপ ৷
স্বাস্থ্য বিভাগৰ নমুনা : নাহে এম্বুলেঞ্চ, ঠেলাৰেই চিকিৎসালয়লৈ প্ৰসূতি - hojai
অসাৰ চৰকাৰৰ উন্নয়নৰ শ্ল'গান ৷ ১০৮ এম্বুলেন্স সেৱাৰ পৰা বঞ্চিত হৈ ঠেলাতেই চিকিৎসালয়লৈ নিবলগীয়া হৈছে প্ৰসূতি |
হোজাই, 12 জুলাই : অসাৰ ৰাজ্য চৰকাৰৰ উন্নয়নৰ শ্ল'গান ৷ অসাৰ ১০৮ এম্বুলেন্স সেৱা ৷ স্বাস্থ্যখণ্ডৰ স্বৰূপ আজিও ঠেলা গাড়ীয়েই ৷ ১০৮ এম্বুলেন্স সেৱাৰ পৰা বঞ্চিত হৈ ঠেলাতেই চিকিৎসালয়লৈ নিবলগীয়া হৈছে প্ৰসূতি ৷ এই ঘটনা হোজাইৰ কাকী গ্ৰামাঞ্চলৰ ৷ অঞ্চলটোৰ এগৰাকী গৰ্ভৱতীক মহিলাৰ প্ৰসৱ বেদনা আৰম্ভ হোৱাত মহিলাগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ বাবে 108 জৰুৰী সেৱালৈ যোগাযোগ কৰা হয় ৷ যদিও পকীপথ তথা পথৰ সুবিধাজনক ব্যৱস্থা নথকাৰ বাবেই অঞ্চলটোলৈ মৃত্যুঞ্জয় সেৱাৰ গাড়ী আহিবলৈ অমান্তি হয় ৷ ফলত এনেদৰে ঠেলাত মহিলাগৰাকীক লৈ যোৱা হয় কাকী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ ৷ স্বাস্থ্যকেন্দ্ৰটোত মহিলাগৰাকীয়ে এটি সন্তান প্ৰসৱ কৰে যদিও ঠেলাৰে কঢ়িয়াই আনি গভৰ্ৱতী মহিলাক এইদৰে প্ৰসৱ কৰা এনে ঘটনাই উদঙাই দিছে স্বাস্থ্যখণ্ডৰ প্ৰকৃত স্বৰূপ ৷
১০৮ এম্বুলেন্স সেৱাৰ পৰা বঞ্চিত হব লগা হৈছে বহু ৰোগী
ঠেলাতেই চিকিৎসালয়লৈ নিব লগীয়া হৈছে প্ৰসূতি অথবা ৰোগী |
হয় |স্বাস্থ্যখণ্ডৰ স্বৰূপ আজিও ঠেলা গাড়ীতেই ।গভৰ্ৱতী মহিলাক ঠেলাগাড়ীতেই আনিব লগা পৰিৱেশ চিকিৎসালয়লৈ।
স্বাস্থ্যখণ্ডৰ আমুল পৰিৱৰ্তনৰ শ্লোগান আওৰাই থাকিলেও ৰাজ্যখনৰ সৰ্বত্ৰে যে আজিও স্বাস্থ্যখণ্ডৰ সেই পঁয়ালগা অৱস্থায়ে বিৰাজ কৰি আছে তাৰেই এক ছৱি দাঙি ধৰিচে হোজাই জিলাত । নৱগঠিত হোজাই জিলাখনত আজিও পৰ্যাপ্ত নহয় স্বাস্থ্যসেৱাৰ দ্ৰুত উন্নয়ণৰ ব্যৱস্থা।তাৰেই এক জীয়া ছৱি দাঙি ধৰিচে জিলাখনৰ কাকী গ্ৰামাঞ্চলৰ এইগৰাকী গভৰ্ৱতী মহিলাক অনাৰ দৃশ্যয়ে।ৰাজ্যৰ দুটাকৈ বিয়াগোম বিভাগ স্থাস্থ্য আৰু গড়কাপ্তানী বিভাগৰ দায়িত্বত থকা ড° হিমন্ত বিশ্ব শৰ্মাই সদায়ে ঢাকঢোল বজাই আহিচে বিভাগ দুটাৰ।কিন্ত তেওৰ স্বাস্থ্য বিভাগৰ ১০৮ মৃত্যুঞ্জয় সেৱাৰ গাড়ী সময়তে উপস্থিত নোহোৱাৰ লগতে তেওৰেই দায়িত্বত থকা গড়কাপ্তানী বিভাগটোৰ অধীনত পকীপথ তথা পথৰ সুবিধাজনক ব্যৱস্থা নথকাৰ বাবেই স্বাস্থ্যসেৱাৰ অত্যন্ত জৰুৰী মৃত্যুঞ্জয় সেৱা চলাচলৰ অজুহাত দেখুৱাই হেতালি খেলি আহিচে গ্ৰামাঞ্চলত।গ্ৰামাঞ্চলৰ স্বাস্থ্যসেৱা উন্নয়ণেই চৰকাৰখনৰ মুল লক্ষ্য যদিও আজিও গ্ৰামাঞ্চলত ব্যাহত এই সেৱা।উন্নয়ণৰ ঢাক ঢোল বজোৱা চৰকাৰখনৰ সশ্লিষ্ট বিভাগটোৰ মন্ত্ৰী তথা ৰাজ্যখনৰ প্ৰতাপী মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই এই গ্ৰামাঞ্চলৰ খবৰ ৰাখিচেনে।সম্প্ৰতি বৃহত্তৰ কাকী গ্ৰামাঞ্চলৰ অন্তৰ্গত কাকী বনাঞ্চলৰ এইগৰাকী গভৰ্ৱতী মহিলায়ে কাকী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত এটি সন্তান প্ৰসৱ কৰে যদিও ঠেলাৰে কঢ়িয়াই আনি গভৰ্ৱতী মহিলাক এইদৰে প্ৰসৱ কৰাৰ ঘটনায়ে স্বাস্থ্যখণ্ডৰ আছল স্বৰূপটো উদঙা দিচে।
Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam