হোজাই,26 মাৰ্চ: ২ মেত অনুষ্ঠিত হ’ব বিজেপিৰ শ্ৰাদ্ধ ৷ এই মন্তব্য বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ ৷ লামডিংৰ কাকীত নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱাৰ সময়তেই এই সন্তব্য কৰে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৷ লামডিং সমষ্টিৰ কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী স্বপন কৰৰ হৈ লামডিং সমষ্টিৰ কাকী দিমৰুপথাৰত হাগ্ৰামা মহিলাৰী, সাংসদ প্ৰদ্যুত বৰদলৈ, জমিয়তৰ সভাপতি মুস্তাক আনফৰে নিৰ্বাচনী প্ৰচাৰ অভিযান চলায় ।
দিছপুৰত হিমন্ত আউট আৰু হাগ্ৰামা ইন হ’ব বুলিও মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে । লগতে কংগ্ৰেছ মহাজোঁটে ৭০ খনতকৈ অধিক আসন আৰু বিজেপিয়ে ২৫ ৰ পৰা ৩০ খন আসন পাব বুলিও মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷
ইপিনে প্ৰমোদ বড়োক বেপাৰী আখ্যা দিয়ে হাগ্ৰামা মহিলাৰীয়ে । অসমৰ বিষয়ে প্ৰমোদ বড়োয়ে একো নাজানে আৰু দিল্লীত বড়ো জাতিক প্ৰমোদ বড়োৱে বিক্ৰী কৰি আহিছে বুলিও হাগ্ৰামাই অভিযোগ উত্থাপন কৰে ।