হোজাই, 11 আগষ্ট : বিয়া ৷ বিয়া বুলিলেই যেন আনন্দত নধৰে হিয়া ৷ সকলোৰে গা সাতখন-আঠখন ৷ তেনে এখন বিয়াক লৈয়ে এতিয়া ব্যস্ত কাকীবাসী ৷ বিয়াত কোনে কি কৰিব, কোনে কি নকৰিব ৷ মুঠতে এক কথাত বিয়াই মেইন ৷ ৰ’ব ৰ’ব আপুনি যদি ভাবিছে এয়া কোনো বিখ্যাত ব্যক্তি বিশেষৰ বিয়া বুলি, তেন্তে আপোনাৰ ভুলটো ক’ত হৈছে ভাঙি দিছো ৰ’ব ৷
এয়া কোনো ব্যক্তি বিশেষৰ নহয়, এয়া হৈছে ভেকুলী বিয়া ৷ এতিয়া হয়তো আপুনি ভাবিব যে, ভেকুলী বিয়াক লৈ ইমান খদমদম লাগিবলগীয়া কি হৈছে ৷ আৰে, সেইটোৱেতো মেইন কাৰণ ৷ পূৰ্বৰ তুলনাত ৰাজ্যত এইবেলি বৰষুণৰ মাত্ৰা অস্বাভাৱিকভাৱে হ্ৰাস পাইছে ৷ ফলত বিগত বছৰসমূহৰ তুলনাত বৃদ্ধি পাইছে ৰ’দৰ মাত্ৰা ৷ যাৰ ফলত একপ্ৰকাৰ খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যত ৷
এই খৰাং সদৃশ বতৰ মানে কৃষকসকলৰ মূৰৰ কামোৰণি ৷ কিয়নো এয়া যে খেতিৰ সময় ৷ কিন্তু বৰষুণ নোহোৱাৰ ফলত পথাৰত নাই পানী ৷ ৰাজ্যৰ খেতি পথাৰসমূহত আকৌ উপযুক্ত পৰিমাণে পানী যোগান ধৰিবলৈও পৰ্যাপ্ত পৰিমাণে নাই জলসিঞ্চন ব্যৱস্থা অথবা পানী যোগান আঁচনি ৷ যাৰ বাবে কৃষক ৰাইজে লোকবিশ্বাসক অনুকৰণ কৰি পাতিবলগীয়া হৈছে ভেকুলী বিয়া ৷
লগতে পঢ়ক : কৰ’ণা কালত মৰিগাঁৱত অনুষ্ঠিত হ’ল এখন আড়ম্বৰপূৰ্ণ বিবাহ
চলিত বৰ্ষত বৰষুণৰ বাবে হাহাকাৰ কৰা ভিন্ন প্ৰান্তৰ কৃষক ৰাইজে পাতিছে ভেকুলী বিয়া (Frog Wedding) ৷ লোকবিশ্বাস আছে যে, ভেকুলী বিয়া পাতিলে বৰুণ দেৱতা সন্তুষ্ট হয় ৷ ধৰালৈ নামি আহে বৰষুণ আৰু তেতিয়াহে কৃষকসকলে কৰিব পাৰে খেতি ৷ সেয়ে মঙলবাৰে নিশা হোজাই জিলাৰ বৃহত্তৰ কৃষিপ্ৰধান অঞ্চল কাকীত ৰাইজে পাতিলে ভেকুলী বিয়া ৷
সকলোৰে এটাই আশা- বৰষুণৰ পানীৰে জীপাল হৈ পৰক ধৰা আৰু শস্যৰে নদন-বদন হওক অঞ্চলটো ৷ এই উদ্দেশ্যেৰে ধুম-ধামকৈ পাতিলে ভেকুলী বিয়া ৷ অসমীয়া বিবাহৰ নীতি-নিয়ম অনুসাৰে পানী তোলাৰ পৰা আৰম্ভ কৰি কন্যাদানলৈকে ধৰ্মীয় নীতি-নিয়ম অনুসৰি দেউৰ হতুৱাই বিয়া পাতিলে দুটা ভেকুলীৰ । দৰা-কইনাৰ ৰূপেৰে কলগছক নোৱাই-ধোৱাই, গাঁৱৰে দুগৰাকী মহিলাক দৰা-কইনাৰ বেশ পিন্ধাই নীতি-নিয়ম অনুসৰি ৰাইজে আনন্দৰ মাজেৰে পাতিলে বিয়াখন ৷
বাৰিষাৰ সময় যদিও বিগত কেইবামাহ ধৰি ৰাজ্যৰ বহু ঠাইত হোৱা নাই বৰষুণ ৷ যাৰ ফলস্বৰূপে সমস্যাত পৰিছে কৃষিজীৱী ৰাইজ ৷ ভূঁই ৰুব পৰা নাই ৰোৱনীয়ে । সেয়ে পুৰণি কালৰ প্ৰচলিত পৰম্পৰাৰ জৰিয়তে বৰুণ দেৱতাক তুষ্ট কৰিবলৈ এনেদৰে সম্পূৰ্ণ পৰম্পৰাৰে ভেকুলী বিয়া পাতিছে ৰাজ্যৰ চহা কৃষক সমাজে ৷ লগতে কাকী অঞ্চলত খেতিৰ বাবে পথাৰত পানী যোগানৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰক আহ্বান জনাইছে অঞ্চলটোৰ কৃষকসকলে ৷
লগতে পঢ়ক : কলিয়াবৰৰ বৰালীগাঁৱত চৰকাৰী ভূমি বেদখলৰ ঘটনা