ETV Bharat / state

Man elephant conflict at Hojai : বনৰীয়া হাতীৰ আক্ৰমণত বনকৰ্মী আহত

author img

By

Published : Dec 22, 2021, 1:58 PM IST

বনাঞ্চলৰ পৰা জনাঞ্চলত আহি উপদ্ৰৱ চলোৱা বন্যহস্তীক খেদিবলৈ যোৱা বনকৰ্মীক আক্ৰমণ (wild elephant attack at hojai) ৷ গুৰুতৰভাৱে আহত বনকৰ্মীক চিকিৎসালয়ত ভৰ্তি ৷

হোজাইত পুনৰ হাতী-মানুহৰ সংঘাত
হোজাইত পুনৰ হাতী-মানুহৰ সংঘাত

হোজাই, 22 ডিচেম্বৰ : হোজাই জিলাৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে ৷ বন্যহস্তীৰ ত্ৰাসত উজাগৰী নিশা কটাবলগীয়া হৈছে হোজাইবাসীয়ে (Man Elephant conflict at Hojai) ৷ জিলাখনৰ ভিন্ন প্ৰান্তত উপদ্ৰৱ অব্যাহত ৰখা হাতীৰ জাকটোক বনলৈ খেদি পঠাবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে লংকাৰ বনকৰ্মীসকলে ৷

জানিব পৰা মতে, এই ঘটনা লংকাৰ খাৰিখানা বজাৰ অঞ্চলৰ ৷ সোমবাৰে নিশা খাদ্যৰ সন্ধানত জনাঞ্চলত উপদ্ৰৱ চলোৱা এটা হাতীৰ জাকক খেদিবলৈ উপস্থিত হৈছিল লংকাৰ বনকৰ্মীৰ এটা দল ৷ নিশা অঞ্চলটোত উপদ্ৰৱ চলোৱা হাতীৰ জাকটোক বনকৰ্মীৰ দলে গুলী ফুটাই খেদিবলৈ চেষ্টা চলাইছিল ৷

বনৰীয়া হাতীৰ আক্ৰমণত বনকৰ্মী আহত

কিন্তু শিৱজিৎ শৰ্মা নামৰ এগৰাকী বনকৰ্মীৰ পিছফালে অকলশৰে ৰৈ থকা এটা বনৰীয়া হাতীয়ে আকস্মিকভাৱে আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হয় (forest guard injured by elephant attack) ৷ ইয়াৰ পিছতে আহত বনকৰ্মীগৰাকীক ভৰ্তি কৰোৱা হয় হোজাইৰ হাম হাস্পতালত ৷ বনকৰ্মীগৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Man elephant conflict at sonari : সোণাৰিত বন্যহস্তীয়ে ভাঙি তহিলং কৰিলে এটি পৰিয়ালৰ বাসগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.