ETV Bharat / state

লংকাত অগ্নিকাণ্ড : ভষ্মীভূত গাড়ী-বাসগৃহ - বাল্ব চুৰিৰ অপৰাধত স্থানীয় ৰাইজৰ ৰোষত পৰিছিল হৰকুমাৰ দাস

হোজাই জিলাৰ লংকাৰ ভালুকমাৰীত পুৱতি নিশা সংঘটিত হয় এটা অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত হৰকুমাৰ দাস নামৰ লোকজনৰ এখন গাড়ী আৰু এটা ঘৰ জুইত ভষ্মীভূত হয় ৷

লংকাত অগ্নিকাণ্ড
author img

By

Published : Oct 12, 2019, 1:12 PM IST

হোজাই, 12 অক্টোবৰ : হোজাই জিলাৰ লংকাৰ ভালুকমাৰীত পুৱতি নিশা সংঘটিত হয় এক অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত হৰকুমাৰ দাস নামৰ লোকজনৰ এখন গাড়ী আৰু এটা ঘৰ জুইত ভষ্মীভূত হয় ৷ জুইৰ লেলিহান শিখা বিয়পি পৰাত চুবুৰীয়া শংকৰ পাল নামৰ লোকজনৰ ঘৰটো জুইৰ সূত্ৰপাত হয় ৷ স্থানীয় ৰাইজৰ তৎপৰতাত নিৰ্বাপিত হয় জুই ৷

লংকাত অগ্নিকাণ্ড

আনহাতে, হৰকুমাৰ দাসে পৰিকল্পিতভাৱে এই অগ্নিকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ উল্লেখ্য যে, শুকুৰবাৰে এটি বাল্ব চুৰিৰ অপৰাধত স্থানীয় ৰাইজৰ ৰোষত পৰিছিল হৰকুমাৰ দাস । দোকানৰ চিচি টিভি ফুটেজত তেওঁৰ চুৰিকাণ্ড ধৰা পৰাৰ পাচতে লোকলজ্জাৰ পৰা হাত সৰাৰ লগতে ৰাইজক জগৰীয়া কৰিবলৈ এনে নিকৃষ্ট পন্থা অৱলম্বনৰ অভিযোগ উঠিছে হৰকুমাৰৰ বিৰুদ্ধে । ইপিনে, আৰক্ষীৰ পৰা হাত সাৰিবলৈ শুকুৰবাৰৰ পৰা আত্মগোপন কৰি আছে হৰকুমাৰ দাসে ।

Intro:হোজাই জিলা লংকাত পুৱতি নিশা অগ্নিকাণ্ডৰ ঘটনা ।Body:হোজাই জিলা লংকাত পুৱতি নিশা অগ্নিকাণ্ডৰ ঘটনা ।এটি বাল্ব চুৰিক কেন্দ্ৰ কৰি জ্বলিল গাড়ী-ঘৰ।

হোজাই জিলা লংকাৰ ভালুকমাৰীত পুৱতি নিশা সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা ।অগ্নিকাণ্ডত এখন i20 গাড়ী জ্বলি যোৱাৰ লগতে এটি ঘৰো জ্বলি ভস্মীভূত হয় ।জ্বলি ভস্মীভূত হোৱা গাড়ীখনৰ গৰাকীজন হল হৰকুমাৰ দাস।আৰু লগতে তেওৰ কাষৰীয়া শংকৰ পালৰ ঘৰটোত জুই লাগে।পাছত স্থানীয় ৰাইজে জুই নিৰ্বাপিত কৰে যদিও হৰকুমাৰ দাসে নিজে পৰিকল্পিতভাৱে এই কাণ্ড সংঘটিত কৰাৰ অভিযোগ উঠিছে ।উল্লেখ্য যে,শুক্ৰবাৰে এটি বাল্ব চুৰিৰ অপৰাধত স্থানীয় ৰাইজৰ ৰোষত পৰিচিল হৰকুমাৰ দাস।দোকানৰ চিচি টিভি ফুটেজত তেও চুৰিকাণ্ড কৰা ধৰাও পৰিচিল। সেয়ে লোকচক্ষুৰ পৰা হাত সাৰিবলৈ হৰকুমাৰ দাসে ৰাইজক জগৰীয়া কৰিবলৈ এনে নিকৃষ্ট পন্থা অৱলম্বনৰ অভিযোগ উঠিচে। ইপিনে,আৰক্ষীৰ পৰা হাত সাৰিবলৈ শুক্ৰবাৰৰ পৰা আত্মগোপন কৰি আছিল হৰকুমাৰ দাস।

BYTE: স্হানীয় লোক

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.