কোকৰাঝাৰ, ১২ ছেপ্টেম্বৰ: কোকৰাঝাৰ স্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ত কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ উদ্যোগত সোমবাৰে স্বাধীনতা সংগ্ৰামী জনজাতি নায়কসকলৰ স্মৃতিৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক প্ৰদৰ্শনী আৰু স্মাৰক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয় (Tribal heroes in freedom struggle) ৷ দেশৰ স্বাধীনতা সংগ্ৰামত জনজাতি নায়কসকলৰ অৱদানক লৈ এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ ৷
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগ অৰ্থাৎ NCST ৰ যুটীয়া সচিব কোনথাংগ তাওথাংগ (Konthang Touthang) ৷ NCST ৰ দেশজুৰি চলোৱা কাৰ্যসূচীৰ এক অংশস্বৰূপ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ নিলেশ্বৰ ব্ৰহ্ম প্ৰেক্ষাগৃহত আজি দিনজোৰা কাৰ্যসূচীৰে দেশৰ স্বাধীনতা সংগ্ৰামী জনজাতি নায়কসকলক শুদ্ধাৰে সোঁৱৰণ কৰে (Exhibition on contribution of tribal heroes) ৷
অনুষ্ঠানটোত মুখ্য অতিথি হিচাবে বিটিআৰৰ কাৰ্যবাহী সদস্য ড৹ নিলুৎ স্বৰ্গীয়াৰী, আমন্ত্ৰিত অতিথি হিচাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ লাইশ্ৰাম লাড্ডু সিং, পঞ্জীয়ক ড৹ সুবুং বসুমতাৰী আৰু NCST ৰ আহ্বায়ক ড৹ ৰাতুল ডেকা, বিশ্ববিদ্যালয়ৰ বিদ্যায়াতনিক অধ্যাপক ইন্দ্ৰিৰা বড়ো, প্ৰশাসনিক বিভাগৰ অধ্যাপক জয়দীপ নাৰ্জাৰী আৰু অখিল ভাৰতীয় বনবাসী কল্যাণৰ ৰাজ্যিক নেতাকে ধৰি বহুসংখ্যক লোক উপস্থিত থাকে ৷
লগতে পঢ়ক: শিক্ষাৰ জ্যোতি বিয়পাই পঞ্চাশটা বৰ্ষ গৰকিলে সোণাৰি মহাবিদ্যালয়ে