ETV Bharat / state

বান আৰু খহনীয়াত বিস্তৰ ক্ষতি বহু জিলাৰ - মৰিগাঁও

দ্বিতীয়টো বানৰ পাছত ৰাজ্যত পুনৰ আৰম্ভ হৈছে বান আৰু খহনীয়াৰ সন্ত্ৰাস ৷ বান আৰু খহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বহু পৰিয়াল ৷ অতিষ্ঠ ৰাইজে খহনীয়া ৰোধৰ বাবে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

বান আৰু খহনীয়াত বিস্তৰ ক্ষতি বহু জিলাৰ
author img

By

Published : Aug 3, 2019, 9:12 PM IST

নিউজ ডেস্ক,3 আগষ্ট : ৰাজ্যত হোৱা দ্বিতীয়টো বানৰ পাছত পুনৰ বান আৰু গৰাখহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷ হোজাই জিলাৰ লামডিঙত প্লাৱিত হ'ল বহু অঞ্চল ৷ লামডিঙৰ হৰুলংফাৰ নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ ফলত নিশাৰ ভিতৰতেই লামডিঙৰ দাতিকাষৰীয়া অঞ্চলত মূষলধাৰ বৃষ্টিপাতৰ বাবে ফেনে ফোটোকাৰে ওফন্দি উঠে হৰুলংফাৰ নৈ ৷ নৈখনৰ বাঢ়নী পানীয়ে লামডিঙৰ নৱীন পল্লী আৰু আমটিলাত প্ৰায় শতাধিক পৰিয়ালৰ ক্ষতি কৰাৰ লগতে ঝুলনপুল, হৰুলংফাৰ শংকৰপল্লী, চান্দমাৰী, ইনষ্টিটিউত কলনিও প্লাৱিত হৈ পৰে ৷ যাৰ ফলত চিন্তিত হৈ পৰে অঞ্চলকেইটৰ বাসিন্দাসকল ৷

ইফালে, কলগাছিয়াৰ চলচলীয়াতো বেঁকী নৈয়ে চলাইছে সন্ত্ৰাস ৷ দ্বিতীয়টো বানৰ পাছত কলগাছিয়াত এতিয়া গৰাখহনীয়াৰ সন্ত্ৰাস ৷ গৰাখহনীয়াৰ ফলত বহু বাসগৃহৰ লগতে বহু পৰিয়ালৰ শালি ধান আৰু মৰাপাটৰ বিস্তৰ ক্ষতি সাধন হয় ৷ বিধ্বংসী গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি জেকনিকুৰা, মিনিশিমলা, চৰচৰীয়া, কৰুবাহা, কামাৰপাৰা আদি গাঁৱতো ত্ৰাসৰ সৃষ্টি কৰে ৷ স্থানীয় ৰাইজে এই গৰাখহনীয়াত অতিস্ত হৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷

বান আৰু খহনীয়াত বিস্তৰ ক্ষতি বহু জিলাৰ

মৰিগাঁও জিলাৰ উত্তৰাঞ্চল লাহৰীঘাট ভূৰাগাঁৱকে আদি কৰি বহুকেইটা অঞ্চলত লুইতৰ বিধ্বংসী বানে তচনচ কৰি যোৱাৰ পাছতেই পুনৰ খহনীয়াই আতংক সৃষ্টি কৰে বৃহত্তৰ অঞ্চলকেইটাত ৷ খহনীয়াৰ ফলত অঞ্চলকেইটাত বাস কৰা বহু পৰিয়ালৰ হয় বিস্তৰ ক্ষতি ৷ খহনীয়া ৰোধৰ বাবে অঞ্চলবাসীয়ে বহুবাৰ চৰকাৰ তথা জন-প্ৰতিনিধিক অৱগত কৰি আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰে ৷ যাৰ বাবে অঞ্চলবাসীয়ে পুনৰবাৰ এই খহনীয়া ৰোধৰ বাবে আহ্বান জনায় প্ৰশাসনক ৷

Intro:slug: as_jania_03aug_erosion_public_movement_vis2+byt2+pho2_spl_pkg_story_asc10058

জনীয়া, ০৩ আগষ্ট : কলগাছিয়াৰ চলচলীয়াত বেকী নদীৰ বিধ্বংসী গৰাখহনীয়া অব্যাহত । খহনীয়া প্ৰতিৰোধৰ দাবীত ৰাইজৰ প্ৰতিবাদ ।Body:slug: as_jania_03aug_erosion_public_movement_vis2+byt2+pho2_spl_pkg_story_asc10058

অলপতে হৈ যোৱা প্ৰলয়ংকাৰী বানপানীয়ে কলগাছিয়া ৰাজহ চক্ৰৰ শতাধিক গাওঁ তছনচ কৰাৰ পিছত পানী কমাৰ লগে লগে বেকী নদীয়ে কেইবাখনো গাঁৱত আৰম্ভ কৰিছে বিধ্বংসী গৰাখহনীয়া। সম্প্ৰতি চলচলীয়া গাঁৱত বেকী নদীৰ গৰাখহনীয়াৰ ফলত ৪৮ ঘন্টাৰ ভিতৰত আব্দুৰ ৰশিদ, জহিদুল ইছলাম আৰু আলা উদ্দিনৰ ঘৰ দুৱাৰ নদীত জাহ নিয়াৰ লগতে কেইবাটাও পৰিয়ালৰ শালি ধান আৰু মৰাপাটৰ খেতি উছন কৰাত এইদৰে চলচলীয়া বেঁকী নৈৰ পাৰত ৰাইজে গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। বিধ্বংসী গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি জেকনিকুৰা, মিনিশিমলা, চৰচৰীয়া, কৰুবাহা, কামাৰপাৰা আদি গাঁৱতো ত্ৰাসৰ সৃষ্টি কৰিছে। খহনীয়াগ্ৰস্ত লোকসকলে প্ৰতিবাদী আন্দোলনৰ জড়িয়তে 'বেকী নদীৰ গৰাখহনীয়া ৰোধ কৰক, ' খহনীয়াত ক্ষতিগ্ৰস্থ পৰিয়ালক ক্ষতি পূৰণ দিয়াৰ ব্যৱস্থা কৰক, ' উদ্বাস্ত পৰিয়ালক পূন: সংস্থাপনৰ ব্যৱস্থা কৰক, আদি দাবীৰে উত্তাল কৰি তোলে ।Conclusion:slug: as_jania_03aug_erosion_public_movement_vis2+byt2+pho2_spl_pkg_story_asc10058

মন্তব্য: প্ৰতিবাদী ৰাইজৰ মন্তব্য ।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.