ETV Bharat / state

হোজাইত শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ বান পৰিস্থিতি পৰ্যবেক্ষণ - শিক্ষামন্ত্ৰী ৰণোজ পেগু

হোজাইত বান পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে আয়োজিত গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত থাকে শিক্ষামন্ত্ৰী ৰণোজ পেগু(Ronoj Pegu present at Hojai) । হোজাইৰ উপায়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ বান পৰিস্থিতি সন্দৰ্ভত পৰ্যবেক্ষণমূলক বৈঠকত মিলিত হয় শিক্ষামন্ত্ৰীগৰাকী ।

Education Minister Ranoj Pegu to monitor flood situation of Hojai
হোজাইত শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ বান পৰিস্থিতি পৰ্যবেক্ষণ
author img

By

Published : May 19, 2022, 10:44 PM IST

হোজাই, 19 মে': বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে হোজাই জিলাৰ শংকৰদেৱ নগৰত উপস্থিত হয় শিক্ষামন্ত্ৰী ৰণোজ পেগু(Ronoj Pegu present at Hojai) । হোজাইৰ উপায়ুক্ত কাৰ্যালয়ত জিলাখনৰ বান পৰিস্থিতি সন্দৰ্ভত এক পৰ্যবেক্ষণমূলক বৈঠকত মিলিত হয় শিক্ষামন্ত্ৰীগৰাকী । বৈঠকত জিলা উপায়ুক্তৰ লগতে আৰক্ষী অধীক্ষক তথা বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে জিলাখনৰ বান পৰিস্থিতি আৰু সাহায্য সন্দৰ্ভত বুজ লয় মন্ত্ৰীগৰাকীয়ে।

হোজাইত শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ বান পৰিস্থিতি পৰ্যবেক্ষণ

বান পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে আয়োজিত গুৰুত্বপূৰ্ণ বৈঠকত লামডিং আৰু হোজাই সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ আৰু ৰামকৃষ্ণ ঘোষ উপস্থিত থাকে । ইফালে, সংবাদমাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ বৈঠকখনৰ বিষয়ে জানিবলৈ দি কয় যে, হোজাইত ৪৩ খন গাঁও আৰু প্ৰায় এক লাখ লোক ক্ষতিগ্ৰস্ত হৈছে ৷ ইতিমধ্যে হোজাই জিলাৰ প্ৰতিটো প্লাবিত অঞ্চলৰ পৰা বানাক্ৰান্ত ৰাইজক উদ্ধাৰ কৰা হৈছে । বানবিধ্বস্ত সকলো স্থানতে প্ৰশাসনৰ লোকৰ উপস্থিতি আৰু প্ৰয়োজনীয় সকলো সাহায্য আগবঢ়োৱাৰ বাবে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলক নিৰ্দেশনা দিয়ে ।

আনহাতে, মন্ত্ৰীগৰাকীয়ে কয় যে, হোজাই জিলা খনত ৯০০ বিদ্যালয়ৰ ভিতৰত ১৩১ খন বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে । সেই একেদৰে শালমাৰাত ৭৬ খন , হাইলাকান্দিত ৪৫ খন বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে য'ত গুনোৎসৱ (Gunotsav 2022)অনুষ্ঠিত কৰা নহ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : ম্যানমাৰৰ আলফা শিবিৰত চাৰি কেডাৰৰ মৃত্যুক লৈ পুনৰ চাঞ্চল্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.