হোজাই ,4 ছেপ্টেম্বৰ: হোজাই জিলাৰ কাকীকে ধৰি দাঁতি কাষৰীয়া অঞ্চলৰ লোক সকলৰ এটা চিনাকী নাম আছিল "মনমালা" । পুৱা হ'লেই অঞ্চলবাসী ৰাইজৰ ঘৰে ঘৰে,পদূলিয়ে পদূলিয়ে আহে "মনমালা"। কাৰোৰে এদিনো ক্ষতি নকৰা মনমালাক ৰাইজে যি দিয়ে তাকে খাই সন্তুষ্টিৰে । আনহাতে ৰাইজেও কলগছ, ধান, চাউল, কল, বিস্কুত যিয়ে যেনেকৈ যেনেকৈ পাৰে সাধ্য অনুসৰি আগবঢ়াই দিয়ে মনমালাক ।
গাঁৱৰ কনমানিহঁতেও ৰৈ থাকে মনমালালৈ, এপাক পিঠিত উঠি নিজ গাঁওখন ফুৰি আহিবলৈ । সেইমতে মনমালাইও নিজৰ পিঠিত উঠাই গাঁওখন এপাক ফুৰাই আনে কন কন শিশুহঁতকে ধৰি সকলোকে । কিন্তু হঠাৎ হেৰাই গ'ল "মনমালা"। সকলোৰে বুকু , ঘৰৰ চোতাল, পদূলি উকা কৰি "মনমালা" গুছি গ'লগৈ অজান দেশলৈ । তাইৰ ৰখীয়া, লগত থকা মাউটটোও হৈ পৰিল অকলশৰীয়া ৷
উল্লেখ্য যে, কেইদিনমানৰ পূৰ্বৰে পৰা অসুস্থ হৈ আছিল "মনমালা"। তাইৰ মুখৰ ভিতৰত হঠাৎ এডোখৰ ঘা হোৱাত খোৱা বোৱা এৰি দিছিল তাই । চিকিৎসাও কৰা হৈছিল; কিন্তু সকলোকে এৰি মনমালাই ২ নং কাকী দিফলু গাঁৱৰ আশ্ৰয় লোৱা ঠাইকণতে মৃত্যুক সাৱতি ল’লে মনমালাই । ইয়াৰ পিছতে মনমালা নামৰ হাতীজনীক অঞ্চলটোৰ ৰাইজে নীতি-নিয়ম অনুসৰি শেষ বিদায় দিয়ে । বাকৰুদ্ধ হৈ পৰিল কাকীবাসী ৷