ETV Bharat / state

হোজাইত পৰিস্থিতি পৰ্যবেক্ষণ ভাস্কৰ জ্যোতি মহন্তৰ - হোজাইত পৰিস্থিতি পৰ্যবেক্ষণ ভাস্কৰ জ্যোতি মহন্তৰ

হোজাইত পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত । ৰে'লৰ চেইন টানি পলায়ণ কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধানৰ ।

HOJAI DGP B.J.Mahanta
HOJAI DGP B.J.Mahanta
author img

By

Published : Jun 4, 2020, 9:56 PM IST

হোজাই, 4 জুনঃ বহিঃৰাজ্যৰ পৰা অহা লোকে ৰে'লৰ পৰা আধাতেই নামি পলায়ন কৰা হোজাইৰ পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে জিলাখনত বৃহস্পতিবাৰে উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত ।

কৰ'ণা ভাইৰাছত সৰ্বাধিক আক্ৰান্ত ৰাজ্য মহাৰাষ্ট্ৰৰ পৰা লোকমান্য তিলক শ্ৰমিক ৰে'লযোগে অহা একাংশ লোকে হোজাইত ৰেলৰ চেইন টানি পলায়ণ কৰিছিল । জিলাখনত উপস্থিত হৈয়ে সঞ্চালক প্ৰধান গৰাকীয়ে কৰ'ণা আক্ৰান্তৰ শীৰ্ষত থকা হোজাই জিলাৰ বহিঃৰাজ্য ফেৰৎ এইসকলৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়ে ।

হোজাইত পৰিস্থিতি পৰ্যবেক্ষণ আৰক্ষী সঞ্চালক প্ৰধানৰ

এনে লোকসকলৰ বিৰুদ্ধে, জনসাধাৰণৰ জীৱনৰ প্ৰতি আশংকা কঢ়িওৱাৰ বাবে ভাৰতীয় দণ্ডবিধিৰ ৩৩৬ ধাৰাত গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে আৰক্ষী সঞ্চালক গৰাকীয়ে । ইয়াৰ সমান্তৰালকৈ আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে অনাহকত এনে ধৰণৰ কঠোৰ আইনৰ মাজত নিজৰ জীৱন বিপদাপন্ন নকৰিবলৈ আহ্বান জনায় অনাগত সময়ত বহিঃৰাজ্যৰ পৰা আগমণ ঘটিবলগীয়া লোকসকলক ।

লগতে চাওকঃ কেন্দ্ৰই ৰাজ্য সমূহলৈ মুকলি কৰিলে 36,400 কোটি টকাৰ GSTৰ ক্ষতিপূৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.