হোজাই, 12 জুলাই : হোজাই জিলাৰ তিনিআলি বৰদলৈ পথাৰত অঘটন ৷ শনিবাৰে নিশাৰ পৰাই সন্ধানহীন হৈ থকা এগৰাকী লোকৰ মৃতদেহ পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় দেওবাৰে পুৱা ৷ স্থানীয় লোক আৰু পৰিয়ালৰ লোকৰ লগতে আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, মৃত ব্যক্তি গৰাকীৰ নাম হবিবুৰ ৰহমান (30) ৷ লোক গৰাকীৰ ঘৰ হোজাই জিলাৰ যোগীজাত যদিও, বিয়াৰ পিচৰে পৰাই তেওঁ বৰদলৈ পথাৰস্থিত শহুৰেকৰ ঘৰত থাকিছিল ৷ লোক গৰাকী আক্ৰান্ত আছিল মৃগী ৰোগত ৷
শনিবাৰে নিশাৰ ভাগত হবিবুৰ ৰহমান নামৰ লোক গৰাকী গৈছিল চিকিৎসাৰ বাবে ৷ ঘূৰি অহাৰ পথত তেওঁৰ দেহত পুনৰ মৃগী ৰোগে উক দিয়াৰ ফলত তেওঁ ঠাইতে ঢলি পৰি , পথৰ কাষতে থকা পুখুৰীটোত গৈ পৰে বুলি সন্দেহ প্ৰকাশ কৰে পৰিয়ালৰ লোকে ৷ শনিবাৰৰ পৰাই পৰিয়ালৰ লগতে স্থানীয় লোকে লোক জনৰ সন্ধান অব্যাহত ৰাখিছিল ৷ কিন্তু দেওবাৰে পুৱা স্থানীয় লোকে সন্ধানহীন লোক গৰাকীৰ মৃতদেহ পুখুৰীত উপঙি থকা দেখি ততাতৈয়াকৈ আৰক্ষীক অৱগত কৰে ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷
লগতে পঢ়ক : ননৈ নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়া লোকৰ কথমপি প্ৰাণৰক্ষা