ETV Bharat / state

হোজাই জিলা কংগ্ৰেছৰ চাইকেল ৰেলীৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

author img

By

Published : Dec 29, 2020, 10:15 PM IST

মঙলবাৰে হোজাই জিলা কংগ্ৰেছে চাইকেল ৰেলীৰে শংকৰদেৱ নগৰস্থিত উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি উপায়ুক্তৰ কার্যালয়ৰ চৌহদত উত্তাল কৰি তুলে ৷

হোজাই জিলা কংগ্ৰেছৰ চাইকেল ৰেলীৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ
হোজাই জিলা কংগ্ৰেছৰ চাইকেল ৰেলীৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

হোজাই,29ডিচেম্বৰঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে হোজাইত কংগ্ৰেছৰ প্ৰতিবাদ ৷ মঙলবাৰে হোজাই জিলা কংগ্ৰেছে চাইকেল ৰেলীৰে শংকৰদেৱ নগৰস্থিত উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি উপায়ুক্তৰ কার্যালয়ৰ চৌহদত উত্তাল কৰি তুলে ৷

পেট্ৰল, ডিজেল, কেৰাচিন, ৰন্ধন গেছ, বিদ্যুৎ মাছুলকে ধৰি নিত্য ব্যৱহাৰ্য্য সা-সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সর্বসাধাৰণ ৰাইজক জলাক’লা খুৱাৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে কংগ্ৰেছে । প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰী সকলে হোজাইৰ উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্রেৰণ কৰে ।

লগতে পঢ়কঃ গেৰুৱা হ'ল অজন্তা নেওগ, ৰাজদ্বীপ গােৱালা আৰু বনেন্দ্ৰ কুমাৰ মুছাহাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.