ETV Bharat / state

Women empowerment program: হোজাইত মহিলা সবলীকৰণৰ প্ৰশিক্ষণপ্ৰাপ্ত মহিলাক প্ৰমানপত্ৰ প্ৰদান - Women empowerment program

হোজাইত চিনটেল ইনফটেক নামৰ এটা বে-চৰকাৰী সংস্থাৰ দ্বাৰা আয়োজন কৰা হয় এক অনুষ্ঠানৰ (Women empowerment program in Hojai) ৷ উক্ত অনুষ্ঠানত চিনটেল ইনফটেক সংস্থাৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত ৮০ গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত ছাত্ৰীক মানপত্ৰ প্ৰদান কৰা হয় ।

Women empowerment program held in Hojai
হোজাইত চিনটেল ইনফটেক সংস্থাৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত ৮০ গৰাকী প্ৰশিক্ষাৰ্থীক মানপত্ৰ প্ৰদান
author img

By

Published : Jul 7, 2022, 7:00 PM IST

হোজাই, ৭ জুলাই : নাৰী সবলীকৰণ ৷ নাৰী সবলীকৰণৰ হকে ভিন্ন সময়ত চৰকাৰী অনুষ্ঠান প্ৰতিস্থানকে ধৰি বিভিন্ন বেচৰকাৰী সংস্থাই বহু পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ ইয়াৰ মাজতে এইবাৰ মহিলা সবলীকৰণৰ হকে আগুৱাই আহিছে চিনটেল ইনফটেক নামৰ এটা বেচৰকাৰী সংস্থা ৷

হোজাই জিলাত এই সংস্থাৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা দীন দয়াল উপাধ্যায়ৰ গ্ৰামীণ কৌশল যোজনাৰ (Deen Dayal Upadhyaya Grameen Kaushalya Yojana) অধীনত মহিলা সবলীকৰণৰ হকে গ্ৰহণ কৰি আহিছে পদক্ষেপ ৷ এই আঁচনিৰ জৰিয়তে সংস্থাটোৱে গ্ৰাম্য অঞ্চলৰ দুখীয়া শিক্ষিত নিবনুৱা যুৱতীসকলক দক্ষতা বিকাশৰ লগতে হাতৰ কামৰ প্ৰশিক্ষণ দি আহিছে (Imparting Skill Development Training to unemployed young women in Hojai) ৷

হোজাইত চিনটেল ইনফটেক সংস্থাৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত ৮০ গৰাকী প্ৰশিক্ষাৰ্থীক মানপত্ৰ প্ৰদান

যাৰ জৰিয়তে নিৱনুৱা যুৱতীসকলে কৰ্ম সংস্থাপনৰ বাট মুকলি কৰিব পাৰে ৷

লগতে পঢ়ক : Wimbledon 2022 : জীৱনৰ অন্তিম উইম্বলডনৰ পৰা খালী হাতেৰেই উভতিল ছানিয়া !

বিগত তিনি বছৰৰ পৰা হোজাইত থকা চিনটেল ইনফটেক নামৰ সংস্থাটোৱে হোজাইৰ লগতে আন ৭ খন জিলাৰ পৰা শিক্ষিত নিবনুৱা যুৱতীসকলক কম্পিউটাৰ, স্পকেন ইংলিছ, চিলাই আদিৰ প্ৰশিক্ষণ দি আহিছে (Imparting Skill Development Training in Hojai)। বৃহস্পতিবাৰে হোজাইৰ বি আৰ ভৱনত আয়োজিত হোৱা চিনটেল ইনফটেকৰ এক অনুষ্ঠানত ৮০ গৰাকী প্ৰশিক্ষণ প্ৰাপ্ত ছাত্ৰীক মানপত্ৰ প্ৰদান কৰা হয় ।

Women empowerment program held in Hojai
হোজাইত চিনটেল ইনফটেক সংস্থাৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত ৮০ গৰাকী প্ৰশিক্ষাৰ্থীক মানপত্ৰ প্ৰদান

গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থাকে চিনটেল ইনফটেকৰ পৰিচালক জগদীশ চন্দ্ৰ বৰুৱা । জানিব পৰা মতে, প্ৰতিষ্ঠানটোৱে বিগত কেইটামান দিনত ৮ টা গ্ৰুপক প্ৰশিক্ষণ দি মুঠ ১৮৭ গৰাকী যুৱতীক বহিঃ ৰাজ্যত কৰ্ম সংস্থাপনৰ ব্যৱস্থাও কৰি দিছে । যাৰ বাবে নিবনুৱা যুৱতীসকলে নিজকে স্বাৱলম্বী আৰু আত্ম নিৰ্ভৰশীল হোৱাৰ বাবে চিনটেল ইনফটেকক ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক : Protest against price hike: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহিলা কংগ্ৰেছৰ প্ৰতিবাদ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.