ETV Bharat / state

500 টকাৰ বাবে বাইক চুৰি হোজাইত - হোজাই

চিচি টিভি ফুটেজৰ ভিত্তিত আৰক্ষীৰ জালত পৰিল চোৰ

500 টকাৰ বাবে বাইক চোৰিত লিপ্ত এজন
author img

By

Published : Mar 14, 2019, 2:33 PM IST

হোজাই, 14 মাৰ্চঃ 500 টকাৰ বাবে বাইক চুৰি কাৰ্য সংঘটিত কৰি ৰঙাঘৰৰ আলহী হ’ল আলটাফ হুছেইন ৷ নজৰুল ইছলাম নামৰ যুৱকজনৰ পালছাৰ বাইক এখন ইছলাম নগৰ বজাৰৰ পৰা সুযোগ বুজি উধাও হৈছিল আলটাফে ৷ সমগ্ৰ চুৰিৰ দৃশ্য বন্দী হৈ ৰয় চিচি কেমেৰাত । চিচি কেমেৰাৰ ভিত্তিতেই পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ধৃত চোৰ জনক ৷ পিচত ৰাইজে নীলবাগান আৰক্ষীক গতাই দিয়ে ধৃত চোৰটোক ।

500 টকাৰ বাবে বাইক চোৰিত লিপ্ত এজন

আৰক্ষীৰ সন্মুখত আলটাফ হুছেইনৰ চাঞ্চল্যকৰ ভাষ্য । বাইকখন চুৰি কৰিবলৈ চাবি যোগান ধৰিছিল ইকবাল নামৰ এজন যুৱকে। বাইকখন চুৰি কৰাৰ পিছত ইছলাম নগৰ দলঙৰ ওচৰত ইকবাল আৰু অলিমুদ্দিনৰ হাতত গতাই দিছিল বাইকখন । যাৰ বাবে 500 টকা দিছিল আলটাফক ।

লক্ষণীয় যে আৰক্ষীয়ে ইতিমধ্যে চুৰি বাইকখনউদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও চুৰিকাণ্ডৰ মূলঅলিমুদ্দিন আৰু ইকবালক এই পৰ্যন্ত কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷

SLUG :HOJAI LIVE BIKE THIEFT STORY

DATE : 14/03/2019

VIS : Email

Story : হোজাইত ON CAMERA বাইক চুৰি কৰি জালত পৰিল এটা চুৰ।। নজৰুল ইছলাম নামৰ যুৱকজনে পালছাৰ বাইক এখন ইছলাম নগৰ বজাৰত থৈ বজাৰ কৰিবলৈ ভিতৰত সোমোৱাৰ সময়ত চোৰে বাইক খন লৈ উধাও হয়।।আৰু এই বাইক চুৰিৰ সমগ্ৰ দৃশ্য বন্ধি হৈ ৰয় চিচি কেমেৰাত।চিচি কেমেৰাত বাইক চুৰি কৰি থকা অৱস্থাত বন্ধি হোৱা  যুৱকজনক পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে কৰায়ত কৰি নীলবাগান আৰক্ষীক গতাই দিয়ে।ইয়াৰ পিছত বাইক চুৰ আলটাফ হুছেইনৰ চাঞ্চল‍্যকৰ ভাষ্য।বাইকটো চুৰি কৰিবলৈ চাবি যোগান ধৰিছিল ইকবাল নামৰ এজন যুৱকে।বাইক চুৰি কৰাৰ পিছত ইছলাম নগৰ দলংৰ ওচৰত ইকবাল আৰু অলিমুদ্দিনৰ হাতত গতাই দিছিল বাইক।এই চুৰি কাণ্ড সংঘটিত কৰাৰ বাবে চোৰক দিয়া হৈছিল 500 টকা।।লক্ষণীয় যে আৰক্ষীয়ে ইতিমধ্যে চুৰি বাইকটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও গাড়ী চোৰৰ মাষ্টাৰ মাইণ্ড অলিমুদ্দিন আৰু ইকবালক কৰায়ত্ত কৰিবলৈ সক্ষম নোহোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।কিয়নো ইছলাম নগৰ অঞ্চলৰ পৰা ইয়াৰ পূৰ্বেও বহুকেইটা বাইক চুৰি হৈছে।

Bite-বাইকৰ গৰাকী

হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.