ETV Bharat / state

হোজাইৰ উদালীত ভূ-মাফিয়াৰ সন্ত্ৰাস - attack on a family by land mafia in hojai

ৰাজ্যত বৃদ্ধি পাইছে ভূ -মাফিয়াৰ দপদপনি । ভূ-মাফিয়াৰ চকু এইবাৰ দৰিদ্ৰ পৰিয়ালৰ মাটিত । ভূ-মাফিয়াক মাটি বিক্ৰী নকৰো বুলি ক’লেও নিশা গুণ্ডা বাহিনী লগত লৈ মাৰপিট কৰাৰ লগতে বাসগৃহ ভাঙি দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷

attack-on-a-family-by-land-mafia-in-hojai
হোজাইৰ উদালীত ভূ-মাফিয়াৰ সন্ত্ৰাস
author img

By

Published : Apr 6, 2021, 10:48 PM IST

হোজাই,6 এপ্ৰিল: ৰাজ্যত বৃদ্ধি পাইছে ভূ -মাফিয়াৰ দপদপনি । ভূ-মাফিয়াৰ চকু এইবাৰ দৰিদ্ৰ পৰিয়ালৰ মাটিত । ভূ-মাফিয়াক মাটি বিক্ৰী নকৰো বুলি ক’লেও নিশা গুণ্ডা বাহিনী লগত লৈ মাৰপিট কৰাৰ লগতে বাসগৃহ ভাঙি দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ হোজাইত সংঘটিত হৈছে তেনে এক ঘটনা ৷

হোজাইৰ উদালী বৰজহা গাঁৱত সোমবাৰে নিশা ভূমিকেন্দ্ৰিক বিবাদক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় । জানিব পৰা মতে, অতিকৈ দৰিদ্ৰ পৰিয়ালৰ ব্যক্তি ফাইজুৰ ৰহমান আৰু পৰিয়ালে বহু বছৰ ধৰি উদালী বৰজহা গাঁৱত বসবাস কৰি আহিছিল । কিন্তু সোমবাৰে নিশা সেই ঘৰ ভূ-মাফিয়াৰ এটা দলে ভাঙি চুৰমাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

হোজাইৰ উদালীত ভূ-মাফিয়াৰ সন্ত্ৰাস

পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত কথমপি ৰক্ষা পৰে পৰিয়ালটো ৷ ইতিমধ্যে ভুক্তভোগীয়ে ঘটনা সংক্ৰান্তত উদালী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷ ইফালে আৰক্ষীয়েও ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: বিজেপিৰ বিৰুদ্ধে সুজাতা মণ্ডল খানৰ বিস্ফোৰক অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.