ETV Bharat / state

আৰক্ষীৰ নিযুক্তিয়ে হাঁহি বিৰিঙাইছে বহু পৰিয়ালৰ মুখত

অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল প্ৰকাশৰ লগে লগে প্ৰতিখন জিলাতে উত্তীৰ্ণ প্ৰাৰ্থীৰ ঘৰত বৈছে আনন্দৰ বন্যা (Assam Police Recruitment 2022) । পৰীক্ষাৰ ফলাফলত বহু দৰিদ্ৰ পৰিয়ালৰ সন্তানো উত্তীৰ্ণ হৈছে । যাৰ বাবে সেই পৰিয়ালবোৰৰ মাজত অধিক আনন্দ-উল্লাহ দেখিবলৈ পোৱা গৈছে ।

Assam Police Recruitment result declared
আৰক্ষীৰ নিযুক্তিয়ে হাঁহি বিৰিঙাইছে বহু পৰিয়ালৰ মাজত
author img

By

Published : Sep 18, 2022, 8:49 PM IST

Updated : Sep 18, 2022, 9:21 PM IST

নিউজ ডেস্ক, 18 ছেপ্টেম্বৰ: ৰাজ্যত নিযুক্তি কেলেংকাৰীক লৈ বিভিন্ন বিতৰ্ক চলি থকাৰ মাজতে দেওবাৰে ঘোষণা হ'ল অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল (Assam Police Recruitment 2022)। ৫,২৬২ টা পদৰ বাবে ঘোষণা কৰা হয় এই ফলাফল । ৰাজ্যৰ ১৫ খন জিলাত ২৪ এপ্ৰিলত অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা ।

ইফালে ফলাফল প্ৰকাশৰ লগে লগে প্ৰতিখন জিলাতে উত্তীৰ্ণ প্ৰাৰ্থীৰ ঘৰত আনন্দৰ বন্যা নিগৰিছে (Police recruitment result declared)। পৰীক্ষাৰ ফলাফলত বহু দৰিদ্ৰ পৰিয়ালৰ সন্তানো উত্তীৰ্ণ হৈছে । যাৰ বাবে সেই পৰিয়ালবোৰৰ মাজত অধিক আনন্দ-উল্লাহ দেখিবলৈ পোৱা গৈছে ।

উল্লেখ্য যে, কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতা থাকিলে মানুহে কঠিন কামো যে সহজে কৰিব পাৰে তাৰেই যেন এক উদাহৰণ দাঙি ধৰিলে বিলাসীপাৰাৰ টিলাপাৰা কামাৰডিহিৰ যুৱক অহিদুল ইছলামে ৷ মাতৃয়ে দিন হাজিৰা কৰি কোনো মতে পোহপাল দি আহিছিল পৰিয়ালটোক ৷ পৰিয়ালটোক সকাহ দিবলৈ মাতৃৰ সৈতে অহিদুলেও কৰিছিল দিন হাজিৰা ৷

আজি অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত অহিদুলে নিযুক্তি লাভ কৰাত আনন্দত আত্মহাৰা হৈ পৰিছে মাতৃ তথা পৰিয়ালবৰ্গ ৷ উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী । নিজৰ প্ৰৱল ইচ্ছা আৰু আগ্ৰহ থাকিলে অসম্ভৱ একোৱেই নহয় তাকেই যেন প্ৰতিপন্ন কৰি দেখুৱালে অহিদুল ।

ইফালে, নলবাৰীৰ গোৱাৰদলত অসম আৰক্ষীত নিযুক্তি লাভ কৰিছে সাত গৰাকীকৈ প্ৰাৰ্থীয়ে ৷ নলবাৰী জিলাৰ সুৰাদী গাঁৱৰ কমল বৰ্মনে লাভ কৰিছে অসম আৰক্ষীৰ কমাণ্ডো বিভাগত নিযুক্তি । ডেৰ বছৰ পূৰ্বে পিতৃহাৰা হৈছিল কমল ৷ তাৰ পিছৰ পৰাই সংগ্ৰাম আৰম্ভ হৈছিল কমলৰ ৷ কেতিয়াবা যদি ট্ৰেক্টৰ চলাইছিল আকৌ কেতিয়াবা মিস্ত্ৰী কামো কৰিছিল কমলে । এই সংগ্ৰামৰ মাজতে কমলে অসম আৰক্ষীৰ বাবে কৰি গৈছিল কঠোৰ অনুশীলন । আজি কমলৰ সংগ্ৰাম সাৰ্থক হোৱাত কমলৰ মুখত বিৰিঙিছে হাঁহি (Assam Police Recruitment Examination Results) ৷

আনফালে গোৱৰাদলৰ প্ৰসন্ন মেধিৰ ঘৰতো দেখা পোৱা গৈছে আনন্দ- উল্লাহৰ পৰিৱেশ ৷ কিয়নো দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া প্ৰসন্ন মেধিৰ জীয়ৰী নীলাক্ষি মেধিয়ে লাভ কৰিছে এছ আই পদত নিযুক্তি । ইতিমধ্যে নিলাক্ষীয়ে ভিডিঅ' কল যোগে সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীক জনালে ধন্যবাদ । নিলাক্ষীৰ পিতৃ-মাতৃয়েও চৰকাৰক জনালে ধন্যবাদ ।

কোকৰাঝাৰতো বৈছে আনন্দৰ বন্যা ৷ অসম আৰক্ষীৰ নিযুক্তিৰ ফলাফলে হাঁহি বিৰিঙাইছে জগদীশৰ মুখত ৷ কোকৰাঝাৰ চহৰৰ নিলগৰ পশ্চিম ডিমলগাঁৱৰ জগদীশে বহু কষ্ট তথা পৰিশ্ৰমৰে অসম আৰক্ষীৰ কমাণ্ডো বেটালিয়ানত নিযুক্তি পোৱাত উৎফুল্লিত হৈ পৰিছে পৰিয়ালবৰ্গৰ লগতে গাঁওবাসী ৷

আনফালে তিতাগুড়ি বাতাবাৰী গাঁৱৰ ঘাতমাউৰা যুৱক সঞ্জয় বৰ্মনে অসম আৰক্ষীৰ চাকৰিৰ ফলাফলত দুটাকৈ চাকৰিত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ কোকৰাঝাৰ বাজাৰ ইণ্ডিয়া শ্বপিং ম’লত পাৰ্ট টাইম কাম কৰি খুড়ায়েকৰ ঘৰত থাকি জীৱন সংগ্ৰাম কৰি আহিছিল সঞ্জয়ে ৷ দৰিদ্ৰতাৰে জীৱন সংগ্ৰাম কৰি অহা সঞ্জয়ৰ বাবে আজি আহিল দুটাকৈ ভাল খবৰ ৷ অসম আৰক্ষীৰ সশস্ত্ৰ শাখা (Arm Branch) আৰু বেটেলিয়ানৰ কমাণ্ডোত নিযুক্তিৰ খবৰে স্বাভাৱিকতে উৎফুল্লিত কৰি তুলিছে সঞ্জয়ৰ লগতে তেওঁৰ খুড়াকৰ পৰিয়ালবৰ্গক ৷

হোজাইতো দেখা গ’ল একেই পৰিৱেশ ৷ হোজাই জিলাৰ কাকীৰ মৰিকলং গাঁৱৰ অভিজিৎ বৰাই অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত সফলতাৰে উৰ্ত্তীণ হোৱাত উৎফুল্লিত পৰিয়ালবৰ্গ ৷ কৃষক পংকজ বৰা আৰু মাতৃ অৰ্চনা বৰাৰ পুত্ৰ অভিজিৎ বৰা অসম আৰক্ষীত নিযুক্তি পোৱাত ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে পিতৃ-মাতৃয়ে ৷

লগতে পঢ়ক: অসম আৰক্ষীৰ নিযুক্তিয়ে বহুতৰে ঘৰত তুলিছে আনন্দৰ লহৰ

Last Updated : Sep 18, 2022, 9:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.