হোজাই, 26 জুলাই: অসমত বসবাস কৰা গোৰ্খাসকলৰ অধিকাৰ সাৱ্যস্ত কৰিবৰ বাবে আৰু তেওঁলোকৰ কলা-কৃষ্টি-সংস্কৃতি ৰক্ষা কৰাৰ স্বাৰ্থত গঠন হোৱা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ(Assam Gorkha Students Union) হোজাই জিলা সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা মঙলবাৰে লংকাত অনুষ্ঠিত হয় । লংকা চহৰৰ মাজমজিয়াত থকা লংকা হাইস্কুল প্ৰাংগনত দিনজোৰাকৈ অনুষ্ঠিত প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত নৱগঠিত জিলা সমিতিখন পূৰ্ণাংগ ৰূপত গঠন কৰা হয় (AAGSU Hojai district committee)।
উল্লেখ্য যে, প্ৰতিনিধি সভাখনত হোজাই জিলাৰ কেইবা শতাধিক গোৰ্খা ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি সকলো উপস্থিত থাকে ৷ সভাত উপস্থিত থকা কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদকগৰাকীয়ে (Gorkha Students Union general secretary) কয় যে, অসমৰ ৩৫ জিলাৰ ভিতৰত ২৪ খন জিলাত গোৰ্খা ছাত্ৰ সন্থাৰ সক্ৰিয় জিলা সমিতি আছে, তাৰ লগতে আজি হোজাই জিলা সমিতিখনো সংযোগ হ’ল ।
অতীজৰে পৰা অসমত বসবাস কৰি অহা গোৰ্খা সম্প্ৰদায়ৰ লোকসকল সন্মুখীন হৈ আহিছে বহুকেইটা গুৰুত্বপূৰ্ণ সমস্যাৰ । এই সমস্যাসমূহৰ সমাধানৰ দাবীৰে বিভিন্ন সময়ত সম্প্ৰদায়টোৱে চৰকাৰক দৃষ্টি গোচৰ কৰি আহিছে যদিও চৰকাৰৰ পৰা পোৱা নাই কোনো বিশেষ সহাঁৰি ।
অসমৰ আন জনজাতীয় সম্প্ৰদায়ৰ লোকসকলক প্ৰদান কৰা স্বায়ত্ব শাসনৰ দৰে অসমৰ গোৰ্খা সম্প্ৰদায়ৰ লোকসকলৰ বাবেও স্বায়ত্ব শাসন প্ৰদান কৰিব লাগে বুলি দাবী জনায় সংগঠনটোৱে (Demand for Gorkha autonomous council) ৷ গোৰ্খা জনগোষ্ঠীক জনজাতীয় মৰ্যদা পোৱাৰ অধিকাৰ আছে বুলি মন্তব্য কৰি সংগঠনটোৰ নেতৃত্বই কয় যে, অসমত বসবাস কৰা খিলঞ্জীয়া গোৰ্খাসকলৰ কলা, কৃষ্টি, সংস্কৃতি ৰক্ষা কৰি শিক্ষাৰ ক্ষেত্রখন আগুৱাই নিয়াৰ মূল উদ্দেশ্য আগত ৰাখি এই জিলা কমিটিসমূহ গঠন কৰা হৈছে ।
লগতে পঢ়ক: Flood compensation: চৰকাৰৰ ক্ষতিপূৰণ আঁচনিৰ পৰা বঞ্চিত বানত ক্ষতিগ্ৰস্ত কৃষক তথা মীনপালক