ETV Bharat / state

কাকীৰ আমতলাত কাঠসহ কাঠ ফলা মেচিন জব্দ - কাঠৰ কুণ্ডা

হোজাইৰ কাকীত বন বিভাগৰ অভিযান। আমতলাত কাঠৰ কুণ্ডাসহ কাঠ ফলা মেচিন জব্দ।

কাকীৰ আমতলাত কাঠসহ কাঠ ফলা মেচিন জব্দ
কাকীৰ আমতলাত কাঠসহ কাঠ ফলা মেচিন জব্দ
author img

By

Published : Nov 10, 2020, 12:24 PM IST

হোজাই, ১০ নৱেম্বৰ: অবৈধ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে হোজাইৰ কাকীত বন বিভাগৰ অভিযান। কাকীৰ আমতলাত অবৈধভাৱে বিক্ৰী কৰিবলৈ মজুত ৰখা কাঠৰ কুণ্ডা জব্দ কৰে বন বিভাগৰ লোকে। লগতে এটা কাঠ ফলা মেচিনো জব্দ কৰে। দীৰ্ঘ দিন ধৰি হোজাই জিলাত অবৈধভাৱে কাঠৰ ব্যৱসায় চলাই আহিছিল কাঠ ব্য়ৱসায়ীয়ে। চেগুন,গমাৰিকে ধৰি বহু মূল্যৱান কাঠ ফালি অবৈধভাৱে বিক্ৰী কৰি আহিছিল দুষ্ট চক্ৰই।

কাকীৰ আমতলাত কাঠসহ কাঠ ফলা মেচিন জব্দ
কাকীৰ আমতলাত কাঠসহ কাঠ ফলা মেচিন জব্দ

মঙলবাৰে নখুঁটি আৰু কাকী বন বিভাগৰ যৌথ অভিযানত আমতলাৰ পৰা কাঠৰ কুণ্ডা জব্দ কৰাৰ লগতে লক্ষাধিক টকা মূল্যৰ এটা কাঠ ফলা মেচিন জব্দ কৰে বন বিভাগৰ দলটোৱে। আনহাতে,কাঠৰ অবৈধ ব্যৱসায়ৰে জড়িত কোনো লোককে আটক কৰিবলৈ সক্ষম নহ'ল বন বিভাগ।

কাকীৰ আমতলাত কাঠসহ কাঠ ফলা মেচিন জব্দ
কাকীৰ আমতলাত কাঠসহ কাঠ ফলা মেচিন জব্দ

কাকীত এতিয়াও বহু ব্যৱসায়ীয়ে অবৈধভাৱে মিল স্থাপন কৰি ব্যৱসায় চলাই আহিছে। পৰৱৰ্তী সময়ত এই ব্যৱসায়ীসকলকো বন বিভাগে নাকী লগাবলৈ সক্ষম হ'ব নে নাই সেয়াহে লক্ষণীয় হ'ব।

লগতে পঢ়ক:বিলাসীপাৰাত তিনি যুৱকে ওৰে নিশা ধৰ্ষণ কৰিলে দুই ছাত্ৰীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.