ETV Bharat / state

জৰা ফুকা নহয় এইবাৰ একেটা কাপত পানীয় সেৱন কৰিলে আজমল বাহিনীয়ে

author img

By

Published : Nov 17, 2020, 12:47 PM IST

এআইইউডিএফৰ নিৰ্বাচনী সভাত ডাঙৰ কাপ(পিয়লা)ত এজনৰ পৰা আন জনে গ্ৰহণ কৰিলে পানীয় ৷

একেটা কাপতে মুখ লগাই পানীয় সেৱন আজমল বাহিনীৰ

হোজাই, 17 নৱেম্বৰ : এআইইউডিএফৰ নিৰ্বাচনী সভাত এইবাৰ মুখ্য আকৰ্ষণ এটা ডাঙৰ কাপ আৰু একেটা কাপতে সকলোৱে গ্ৰহণ কৰিলে পানীয় ৷ লামডিং সমষ্টিৰ নখুটীত আছিল এআইইউডিএফৰ নিৰ্বাচনী সভা ৷ উক্ত নিৰ্বাচনী সভাত মঞ্চত বহি আছিল এআইইউডিএফৰ অধ্যক্ষ তথা ধুবুৰীৰ সাংসদ বদৰ‌উদ্দিন আজমল, ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম আৰু এআইইউডিএফ দলৰ কেন্দ্ৰীয় সমিতিৰ বহু বিষয়-ববীয়া ৷

আজমল বাহিনীৰ কৰ্মীসভাৰ বানান বিভ্ৰান্তি

উক্ত সভাৰ মঞ্চত দেখা পোৱা গ'ল পূৰ্বেই নেদেখা এক দৃশ্য ৷ পূৰ্বে বদৰ‌উদ্দিন আজমলৰ সভাত দেখা পোৱা গৈছিল জৰা-ফূকা ৷ কিন্তু এইখন সভাত দেখা পোৱা গ'ল এটা ডাঙৰ কাপ ৷ কাপটোৰ ভিতৰত থকা পানীয় এজনৰ পৰা আন জনলৈ বিতৰণ ৷ প্ৰায় চাৰিজন মানুহে কাপটোত থকা খাদ্য মূখ লগাই খায় ৷ বদৰ‌উদ্দিনৰ পৰা ধৰি আমিনুল ইছলাম লৈ চাৰিজনে পি খালে সেই কাপটোত থকা পানীয় ৷ কিন্তু সেই কাপটোত কি আছিল সেয়া কাৰো জ্ঞাত নহয় ৷

ক'ৰণাৰ ভয়াৱহতাৰ মাজতে এজনৰ পৰা আনজনলৈ মুখ লগাই খোৱা কাপটোৰে বদৰুদ্দিনে কি বাৰ্তা প্ৰেৰণ কৰিলে ? আনহাতে আকৌ মঞ্চৰ পিছফালে থকা বেনাৰত মৌলানা সলনি দেখা গ'ল ম‌ওলানা ৷ শব্দ ভূল হৈয়ে থাকিল ৷ কিন্তু চকুতেই নপৰিল সাংসদ বদৰ‌উদ্দিনৰ ৷ নিজৰ নামটোৰ প্ৰথম আখৰটোৱেই ভুল কৰি বেনাৰৰ লিখিলে তেওঁৰ দলৰ সতীৰ্থসকলে ৷

লগতে পঢ়ক : প্ৰশান্ত ফুকনক সকীয়নী শৃংখল চলিহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.