ETV Bharat / state

হোজাই জিলা শংকৰদেৱ নগৰত আমছুৰ অৱস্থান ধৰ্মঘট

author img

By

Published : Aug 23, 2022, 8:56 PM IST

মঙলবাৰে আমছুৰ আহ্বানত সমগ্ৰ ৰাজ্যতে সাব্য়স্ত কৰা হয় তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে হোজাইতো আমছুৰ উদ্যোগত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় (AAMSU protest in Hojai) । বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে প্ৰতিবাদকাৰীয়ে কঁপাই তোলে হোজাইৰ সদৰ শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্যালয়ৰ চৌহদ ।

aamsu protests in hojai to fulfil demand
হোজাই জিলা শংকৰদেৱ নগৰত আমছুৰ অৱস্থান ধৰ্মঘট

হোজাই, ২৩ আগষ্ট: ৰাজ্যজুৰি আমছুৰ তীব্ৰ প্ৰতিবাদ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে হোজাইৰ সদৰ শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমছু হোজাই জিলা সমিতিৰ ২ঘন্টীয়া অৱস্থান ধৰ্মঘট(AAMSU protest in Hojai) । সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু কেন্দ্রীয় সমিতিৰ নিৰ্দেশ মৰ্মে হোজাই জিলা আমছু কৰ্মকৰ্তাই আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

অসমৰ বিভিন্ন প্ৰান্তৰ উচ্ছেদিত লোকৰ লগতে লামডিঙ সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত সকলক পুনৰসংস্থাপন দিয়া, ভূমিহীন লোকক ভূমি পট্টা প্ৰদান কৰা, বিদ্যালয়সমূহত ছাত্ৰ অনুপাতে শিক্ষক নিযুক্তি প্ৰদান কৰা, জনসংখ্যা অনুপাতে চৰকাৰী চাকৰি প্ৰদান কৰা,স্কুল সমূহত শিক্ষক বদলিকৰণৰ আগত সেই স্থানত শিক্ষক নিযুক্তি সম্পূৰ্ণ দিয়াৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে(Aamsu protests for fulfilling various demands) ।

লগতে অস্বাভাৱিক মূল্য বৃদ্ধি ৰোধ কৰা, বহিঃৰাজ্যত কৰ্মৰত অসমৰ শ্ৰমিক সকলৰ সূৰক্ষা সুনিশ্চিত কৰা, অৰুণাচল প্ৰদেশত মৃত্যু বৰণ কৰা শ্ৰমিক সকলক ৫ লাখকৈ সাহায্য প্ৰদান তথা নিখোজ হৈ থকা শ্ৰমিকসকলৰ সন্ধানৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা আদি দাবীৰে আমছুৰ কৰ্মকৰ্তা সকলে মঙলবাৰে উক্ত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে (Assam protest in Assam)।

অসমৰ মুখ্যমন্ত্রী লৈ উক্ত দাৱী সম্বলিত এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে আমছুৰ কৰ্মী সকলে । উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আমছু কৰ্মীৰ লগতে লামডিং সমষ্টিত উচ্ছেদিত হোৱা লোকসকল উপস্থিত থাকে । প্ৰায় তিনি শতাধিক লোকে উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্রহণ কৰে ।

লগতে পঢ়ক: পানীৰ অভাৱত কৃষকে পথাৰত ৰুব পৰা নাই ভূঁই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.