ETV Bharat / state

এজন শিক্ষক আৰু ১২০ গৰাকী শিক্ষাৰ্থী, এনেকৈয়ে চলিছে বিদ্যালয় - Poor condition of government schools

এজন শিক্ষকেৰে চলিছে শতাধিক শিক্ষাৰ্থী থকা এখন চৰকাৰী বিদ্যালয় (Shortage of teachers in Govt School)। কেমেৰাৰ সন্মুখতে উচুপি উঠিল বিদ্যালয়খনৰ প্ৰধান শিক্ষক । পৰ্যাপ্ত শিক্ষক নিযুক্তিৰ অনুৰোধ শিক্ষক, শিক্ষাৰ্থী আৰু অভিভাৱকৰ ।

Shortage of teachers in Govt School
এজন শিক্ষক আৰু ১২০ গৰাকী শিক্ষাৰ্থী
author img

By

Published : Sep 29, 2022, 11:45 AM IST

হোজাই,২৯ ছেপ্টেম্বৰ : ৰাজ্যৰ শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ লৈছে (Assam Govt initiative for school development)। চৰকাৰী বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ বাবেও গুণোৎসৱকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । শেহতীয়াকৈ বিদ্যালয় একত্ৰীকৰণৰ (School amalgamation in Assam) জৰিয়তেও বিদ্যালয়ৰ মান উন্নত কৰাত গুৰুত্ব দিছে চৰকাৰে ।

কিন্তু তাৰ পাছতো শোচনীয় অৱস্থা একাংশ চৰকাৰী বিদ্যালয়ৰ (Poor condition of government schools)। কৰবাত যদি শিক্ষাৰ্থীৰ বিপৰীতে শিক্ষকৰ সংখ্যা কম কৰবাত আছে শিক্ষাৰ্থী আছে কিন্তু শিক্ষক-শিক্ষয়িত্ৰী নাই (Teacher shortage)।

এজন শিক্ষক আৰু ১২০ গৰাকী শিক্ষাৰ্থী, এনেকৈয়ে চলিছে বিদ্যালয়

তেনে এখন বিদ্যালয়ৰ কথাই আজি আমি উল্লেখ কৰিব বিচাৰিছো । বিদ্যালয়খনৰ শিক্ষাৰ্থীৰ সংখ্যা ১২০ গৰাকী । শিক্ষক-শিক্ষয়িত্ৰী মাত্ৰ দুগৰাকী । তাৰো এগৰাকী শিক্ষয়িত্ৰী আছে ছুটীত । বিমোৰত বিদ্যালয়খনৰ প্ৰধান শিক্ষক । হোজাই জিলাৰ লংকা শিক্ষাখণ্ডৰ অন্তৰ্গত মোৰাঝাৰৰ ত্ৰিশঘৰী চুবুৰী নতুন প্ৰাথমিক বিদ্যালয় দুৰৱস্থা এয়া (Hojai school poor condition)।

বিদ্যালয়খনত ১০০ ৰো শিক্ষাৰ্থী আছে যদিও শিক্ষক হিচাপে প্ৰধান শিক্ষক জামাল উদ্দিন আৰু এগৰাকী শিক্ষয়িত্ৰী আছে (Teacher shortage in Hojai school)। কিন্তু শিক্ষয়িত্ৰীগৰাকী বৰ্তমান ছুটীত আছে যাৰ বাবে পাঠদান একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে বিদ্যালয়খনত । এগৰাকী শিক্ষকে ৫ টাকৈ শ্ৰেণী কোঠাত পাঠদান কৰাটো অসম্ভৱ হৈ পৰিছে ।

যাৰ বাবে শিক্ষাৰ্থী আৰু অভিভাৱকসকলে বিদ্যালয়খনত শিক্ষক নিযুক্তি দিয়াৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ আহ্বান জনাইছে । অভিভাৱকসকলৰ মতে শিক্ষকৰ অভাৱৰ বাবে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকল উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হৈছে । সেয়েহে বিদ্যালয়খনত অতি শীঘ্ৰে শিক্ষক নিযুক্তি দিবলৈ অভিভাৱকসকলে চৰকাৰক দাবী জনাইছে ।

লগতে পঢ়ক :এজনীয়া শিক্ষকে চলিছে যোৰহাটৰ বহু বিদ্যালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.