ETV Bharat / state

বন বিভাগৰ জালত বনৰৌৰ বাকলি সহ এটা চোৰাং চিকাৰী

লংকাৰ পৰা লামডিঙলৈ দুষ্প্ৰাপ্য বনৰৌৰ বাকলি বিক্ৰী কৰিবলৈ আহি থাকোতেই আৰক্ষীৰ জালনত পৰিল চোৰাং চিকাৰী ৷ লামডিং মহাবিদ্যালয়ৰ সমীপত চোৰাং চিকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বন্য প্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৰ অভিযানকাৰী দলটোৱে ৷

বন বিভাগৰ জালত বনৰৌৰ বাকলি সহ এটা চোৰাং চিকাৰী
বন বিভাগৰ জালত বনৰৌৰ বাকলি সহ এটা চোৰাং চিকাৰী
author img

By

Published : Aug 4, 2021, 10:35 PM IST

হোজাই, 4 আগষ্ট : বুধবাৰে লামডিংঙত এক গোপন সূত্ৰৰ ভিত্তিত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'ৰ Wildlife Crime Control Bureau(WCCB) দলে এক অভিযান চলাই ৷ অভিযানকাৰী দলটোৱে দুষ্প্ৰাপ্য বনৰৌৰ বাকলি সহ এটা চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ গ্ৰেপ্তাৰ হোৱা চোৰাং চিকাৰীটো মাইবঙৰ শশাংক মালাকাৰ ওৰফে শম্ভূ বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে, লংকাৰ পৰা লামডিংঙলৈ দুষ্প্ৰাপ্য বনৰৌৰ বাকলি বিক্ৰী কৰিবলৈ আহি থাকোতে লামডিং মহাবিদ্যালয়ৰ সমীপত চোৰাং চিকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৰ অভিযানকাৰী দলটোৱে ৷ চোৰাং চিকাৰীটোৰ পৰা প্ৰায় ৫ কেজি ৮০০ গ্ৰাম বনৰৌৰ বাকলি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

বন বিভাগৰ জালত বনৰৌৰ বাকলি সহ এটা চোৰাং চিকাৰী

বুধবাৰেই বিশ্বনাথ জিলাৰ খেৰবাৰীতো আটক হয় এটা চোৰাং চিকাৰী ৷ বন বিভাগৰ এটা দলে অভিযান চলাই চোৰাং চিকাৰীটোৰ লগতে কিছু পৰিমাণৰ আপত্তিজনক সামগ্ৰীও জব্দ কৰিবলৈ সক্ষম হয় ৷ বিশ্বনাথ জিলাৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত বাঘমাৰীৰ খেৰবাৰীত চলায় এই অভিযান বন বিভাগে ৷ এই অভিযান চলাই বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখাই ৷

বন বিভাগৰ এক সূত্ৰই সদৰি কৰা মতে কিছুদিনৰ পূৰ্বে এক গোপন সূত্ৰৰ পৰা চোৰং চিকাৰীৰ এক তথ্য লাভ কৰিছিল বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান শাখাই ৷ তেতিয়াৰ পৰা সেই তথ্যৰ ভিত্তিত বন বিভাগে নিজাববীয়াকৈ এক অনুসন্ধান চলাই আছিল ৷ তথ্য নিশ্চিত হোৱাৰ পাচতে জিনজিয়া আৰক্ষীৰ সহযোগত খেৰবাৰীৰ লোকজনৰ ঘৰত অভিযান চলাই বন বিভাগে ৷ অভিযান কালত বন বিভাগে জব্দ কৰে ৩০৩ ৰাইফলৰ ৮ জাঁই সজীৱ গুলী আৰু দুটাকৈ গঁড়ৰ নখ ৷

ইয়াৰ লগতে চোৰাং চিকাৰৰ লগত জড়িত থকাৰ সন্দেহত মাজাম আলী নামৰ লোকজনকো আটক কৰে বন বিভাগে ৷ এতিয়া প্ৰশ্ন যি হয় যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বন বিভাগক অসমৰ বন্য-প্ৰাণী ৰক্ষাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ নিদেশ প্ৰদান কৰিছে ৷ তাৰপাছতো এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে চোৰাং চিকাৰীসহ জীৱ-জন্তুৰ অংগ-পতংগ উদ্ধাৰ হোৱা কাৰ্যই প্ৰকৃতি প্ৰেমী সকলক চিন্তিত কৰি তোলা দেখা গৈছে ৷

লগতে পঢ়ক : গঁড়ৰ নখ সহ বন বিভাগৰ জালত চোৰাং চিকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.