গুৱাহাটী , 13 মাৰ্চ : অগপৰ বিজেপিৰ মিত্ৰতাৰ সপক্ষে আছে অসমৰ ৰাইজ । দুই দলৰ মিত্ৰতাৰ সিদ্ধান্তৰ ফলত লাভ হ'ব দুই দলৰ। মিত্ৰতা সম্পৰ্কত এই মন্তব্য প্ৰকাশ অসম বিধান সভাৰ উপাধ্যক্ষ তথা ৰাতাবাৰী সমষ্টিৰ বিধায়ক কৃপানাথ মাল্লাৰ ।
আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ বিজয় নিশ্চিত বুলি সংবাদ মাধ্যমৰ আগত আত্মবিশ্বাস প্ৰকাশ কৰে অসম বিধান সভাৰ উপাধ্যক্ষ গৰাকীয়ে । অসমৰ জনসাধাৰণ দুই দলৰ মিত্ৰতাৰ সপক্ষে আছে ,তথা এই মিত্ৰতা আগন্তুক লোকসভাৰ নিৰ্বাচনত দুই দলৰ বাবে সহায়ক হ'ব বুলিও তেওঁ প্ৰকাশ কৰে । আনহাতে লোকসভা নিৰ্বাচনত বৰাক উপত্যকাৰ 2 খন আসনত বিজেপিয়ে জয়লাভ কৰিব বুলিও কয় উপাধ্যক্ষগৰাকীয়ে ৷