ETV Bharat / state

কাছাৰ কাগজ কলত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত চোৰ ! পাচগ্ৰামত উত্তাল প্ৰতিবাদ - কাছাৰ কাগজ কলত চুৰিকাণ্ড

কাছাৰ কাগজ কলত পুনৰ চুৰিকাণ্ড । দীৰ্ঘ দিনৰ পৰা বন্ধ হৈ থকা কাগজ কলটোত দেওবাৰে নিশা এটা ৬/৭ জনীয়া চোৰৰ দলে প্ৰৱেশ কৰে । চোৰৰ ওমান পায় কাগজ কলৰ নিৰাপত্তাৰ দায়িত্বত থকা এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ নিৰাপত্তাৰক্ষীয়ে চোৰৰ দলটোক বাধা দিবলৈ চেষ্টা কৰে যদিও চোৰৰ দলটোৱে হাতত অস্ত্ৰলৈ নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰে।

কাছাৰ কাগজ মিলত চুৰি কাণ্ড
author img

By

Published : Nov 4, 2019, 7:15 PM IST

Updated : Nov 4, 2019, 11:28 PM IST

হাইলাকান্দি, 4 নৱেম্বৰ: সোমবাৰে উত্তপ্ত হৈ পৰিল হাইলাকান্দিৰ পাচগ্ৰাম অঞ্চল। দেওবাৰে কাছাৰ কাগজ কলৰ নিৰাপত্তাৰক্ষীৰ লগত হোৱা গুলীয়াগুলীত এজন যুৱক নিহত হোৱাৰ পিচতে নিহত যুৱকজনৰ গাঁৱৰ ৰাইজে ঘেৰাও কৰে পাচগ্ৰাম আৰক্ষী চকী ৷ লগতে যুৱকজনৰ পৰিয়ালৰ বাবে উপযুক্ত ক্ষতিপূৰণ বিচাৰে গাঁওবাসীয়ে ৷ আনহাতে উক্ত ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, দেওবাৰে নিশা হাইলাকান্দি জিলাৰ পাচগ্ৰামত থকা কাছাৰ কাগজ কলত সংঘটিত চুৰি কাণ্ডত জড়িত আছিল যুৱকজন ।

কাছাৰ কাগজ মিলত চুৰি কাণ্ড

দীৰ্ঘ দিনৰ পৰা বন্ধ হৈ থকা কাগজ কলটোত দেওবাৰে নিশা এটা ৬/৭ জনীয়া চোৰৰ দলে প্ৰৱেশ কৰে । চোৰৰ উমান পায় কাগজ কলৰ নিৰাপত্তাৰ দায়িত্বত থকা এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ নিৰাপত্তাৰক্ষীয়ে চোৰৰ দলটোক বাধা দিবলৈ চেষ্টা কৰে যদিও চোৰৰ দলটোৱে হাতত অস্ত্ৰলৈ নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰে। প্ৰত্যাক্ৰমণত নিৰাপত্তাৰক্ষী দলটোৱে গুলী চলাবলৈ বাধ্য হৈ পৰে।

নিৰাপত্তা ৰক্ষীৰ গুলিত নিহত হয় মনিৰ উদ্দিন লস্কৰ নামৰ এজন চোৰ। নিহত মনিৰ উদ্দিনৰ ঘৰ আলগাপুৰ সমষ্টিৰ দক্ষিণ বদৰপুৰ গাঁৱত বুলি জানিব পৰা গৈছে। চোৰজনৰ মৃত্যুক কেন্দ্ৰ কৰি সোমবাৰে পাচগ্ৰাম অঞ্চল উত্তাল কৰি তোলে দক্ষিণ বদৰপুৰৰ ৰাইজে । তেওঁলোকৰ দাবী গৰু চৰাবলৈহে কাগজ কলৰ চৌহদত প্ৰৱেশ কৰিছিল নিহত যুৱকজন ৷ আনহাতে এই কথা মানি লোৱা নাই পাচগ্ৰাম অঞ্চলবাসীয়ে ৷ সমস্ত ঘটনা সন্দৰ্ভত উপায়ুক্তৰ কাষ চাপিচে দুুইখন গাঁৱৰ ৰাইজ ৷

Intro:SLUG :: নিৰাপত্তাৰক্ষীৰ গুলিত নিহত চুৰ।

Body:O/C :: দেওবাৰে নিশা হাইলাকান্দি জিলাৰ পাচগ্ৰামত থকা কাছাড় কাগজ কলত সংঘঠিত হয় এক গুলিয়া-গুলিৰ ঘটনা। নিৰাপত্তা ৰক্ষীৰ গুলিত নিহত এটা চুৰ। ঘটনাক কেন্দ্ৰকৰি বৰ্তমানে উত্তেজনাময় পৰিস্হিতিৰ সৃষ্টি হৈছে হাইলাকান্দিত।

Conclusion:V/O :: পুনৰ চুৰি কাণ্ড কাছাড় কাগজ কলত। নিৰাপত্তা ৰক্ষীক আক্ৰমন চুৰৰ দলৰ। প্ৰত্যাক্ৰমণত নিৰাপত্তা ৰক্ষীৰ গুলিত নিহত এটা চুৰ। ঘটনাক কেন্দ্ৰ কৰি উত্তাল পাচগ্ৰাম এলেকা। দীৰ্ঘ দিনৰ পৰা বন্ধ থকা কাছাড় কাগজ কলত দেওবাৰে ৰাতিৰ আন্ধাৰত চুৰ কৰিবলৈ হুমাইছিল ৬/৭ জনিয়া এটা চুৰৰ দল। কাগজ কলৰ নিৰাপত্তাৰ দায়িত্বত থকা ব্যক্তিগত এটা কোম্পানীৰ নিৰাপত্তা ৰক্ষীয়ে চুৰৰ দলত বাধা প্ৰদান কৰিলে হাতত অস্ত্ৰলৈ নিৰাপত্তা ৰক্ষীক আক্ৰমন কৰে চুৰৰ দলে। প্ৰত্যাক্ৰমনত নিৰাপত্তা ৰক্ষী সকলে বাধ্য হয় গুলি চলাবলৈ। নিৰাপত্তা ৰক্ষীৰ গুলিত নিহত হয় মনিৰ উদ্দিন লস্কৰ নামৰ এটা চুৰ। নিহত মনিৰ উদ্দিনৰ ঘৰ আলগাপুৰ সমষ্টিৰ দক্ষিণ বদৰপুৰ গাওঁত। ইপিনে ঘটানাৰ পিছত আজি উত্তপ্তহৈ উঠে পাচগ্ৰাম অঞ্চল। স্থানীয় ৰাইজৰ দাবী নিহত যুবকজন গৰু চৰাবলৈ প্ৰবেশ কৰিছিলে পেপাৰ মিল অঞ্চলত। স্থানীয় ৰাইজে যুবকজনৰ পৰিয়ালক উপযুক্ত ক্ষতিপুৰণৰ দাবী উত্থাপন কৰিছে।

byte :: local

######
Last Updated : Nov 4, 2019, 11:28 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.