হাইলাকান্দি,14জুনঃ হাইলাকান্দি জিলাৰ ভাটিৰকোপা গাঁৱত ভয়াৱহ ঘটনা। হাইভল্টেজ বিদ্যুতৰ তাঁৰ চিঙি মাটিত পৰি থকাৰ ফলত ভয়ংকৰ অঘটন সংঘটিত হৈছে । বিদ্যুতৰ তাঁৰত লাগি মৃত্যু হয় এজন ব্যক্তিৰ । মৃত ব্যক্তি গৰাকীৰ নাম ৰফিক উদ্দিন মজুমদাৰ । মৃত ব্যক্তিজনৰ ঘৰ ভাটিৰকোপা গাঁৱত ।
জানিব পৰা মতে, ঘৰৰ পৰা মচজিদলৈ বুলি ওলাই অহাৰ সময়ত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় 55 বছৰীয়া ব্যক্তিজনৰ । ইয়াকে লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ গাঁওখনত ৷ ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি হাইলাকান্দি সন্তোষ কুমাৰ ৰয় অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷
লগতে চাওকঃবাঘজান ট্ৰেজেডি.......