হাইলাকান্দি, 5 নৱেম্বৰঃ অগপ-বিজেপিক তীব্ৰ সমালোচনা এ.আই.ইউ.ডি.এফৰ বিধায়ক নিজামউদ্দিন চৌধুৰীৰ ৷ হাইলাকান্দিৰ আলগাপুৰৰ আদৰ্শ চিকিৎসালয়ৰ উদ্বোধন বাতিলক লৈ জাঙুৰ খাই উঠে বিধায়ক গৰাকী ৷ অহা 6 নৱেম্বৰত উক্ত আদৰ্শ চিকিৎসালয়খন স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰাৰ কথা আছিল আৰু ইয়াৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছিল ৷ কিন্তু শেষ মুহূৰ্তত এই অনুষ্ঠান বাতিল কৰাত স্বাভাৱিকতে সমগ্ৰ অঞ্চলজুৰি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিজেপি নেতা গৌতম ৰয় আৰু হাইলাকান্দি জিলাৰ অগপ সভাপতি আফতাবউদ্দিন লস্কৰে ষড়যন্ত্ৰ কৰি এই অনুষ্ঠান বাতিল কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে বিধায়ক নিজামউদ্দিনে ৷ স্থানীয় ৰাইজে আদৰ্শ চিকিৎসালয়খনৰ উদ্বোধনী অনুষ্ঠান বাতিল কৰাক লৈ স্থানীয় বিধায়কৰ ব্যৰ্থতা বুলি অভিহিত কৰে ৷
আৰু পঢ়কঃ শিয়ালৰ ফান্দত পৰিল বনৰজা