হাইলাকান্দি, 4 জুনঃ কাইলৈ সমগ্ৰ বিশ্বৰ ইছলামধৰ্মী লোকসকলে পালন কৰিব পবিত্ৰ ঈদ-উল-ফিতৰ ৷ ইয়াকে লৈ অসমৰ হাইলাকান্দি জিলাটো পৰিলক্ষিত হৈছে ব্যাপক উচাহ ৷ আনহাতে এইবাৰ ঈদত এটি পৰিয়ালে হাতত ল'লে বিশেষ কাৰ্যসূচী ৷
অধিক পঢ়কঃ নগাঁৱত ঈদ-উল-ফিতৰৰ পূৰ্ণ প্ৰস্তুতি
পৰিয়ালটো হৈছে হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ ৷ বহুদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ বৰ্তমানে নতুন দিল্লীত চিকিৎসাধীন হৈ আছে বিধায়কগৰাকী ৷ সেয়েহে প্ৰথমবাৰৰ বাবে এইদৰে ঈদৰ সময়ত পৰিয়ালৰ পৰা দূৰত আছে বিধায়কগৰাকী ৷ বিধায়কগৰাকীৰ আশু-আৰোগ্য কামনা কৰি আজি তেঁওৰ পৰিয়ালৰ লোকে বিতৰণ কৰে বস্ত্ৰ ৷ ৰাতিপুৱাৰ পৰাই নিজা বাসগৃহত প্ৰায় 3হাজাৰ মহিলাক বস্ত্ৰ বিতৰণ কৰে বিধায়ক হুছেইনৰ পৰিয়ালে ৷