ETV Bharat / state

ৰাজ্যজুৰি ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰীলৈ ভূমিপট্টা আৰু আৱণ্টন পত্ৰ প্ৰদান

অসমৰ খিলঞ্জীয়াৰ জাতি -মাটি-ভেটি সুৰক্ষিত কৰাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিয়া প্ৰতিশ্ৰুতিৰ ফলশ্ৰুতি হিচাপে মাটিৰ পট্টা আৰু ভূমি আবন্টন পত্ৰ দিয়াৰ ব্যৱস্থা কৰা হয়। যোৱা বছৰ প্ৰথম পৰ্যায়ত ভূমি পট্টা প্ৰদান কৰাৰ পিছত সোমবাৰে দ্বিতীয় পৰ্যায়ত সমগ্ৰ অসমতে ভূমি পট্টা দিয়াৰ প্ৰক্ৰিয়া হিচাপে আজি অসমৰ জিলাই জিলাই ভূমি পট্টা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

author img

By

Published : Oct 5, 2020, 8:09 PM IST

land-lease-distribution-among-the-residents-of-assam
ৰাজ্যজুৰি ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰীলৈ ভূমিপট্টা আৰু আৱণ্টন পত্ৰ প্ৰদান

অসমৰ খিলঞ্জীয়াৰ জাতি -মাটি-ভেটি সুৰক্ষিত কৰাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিয়া প্ৰতিশ্ৰুতিৰ ফলশ্ৰুতি হিচাপে মাটিৰ পট্টা আৰু ভূমি আবন্টন পত্ৰ দিয়াৰ ব্যৱস্থা কৰা হয়। যোৱা বছৰ প্ৰথম পৰ্যায়ত ভূমি পট্টা প্ৰদান কৰাৰ পিছত সোমবাৰে দ্বিতীয় পৰ্যায়ত সমগ্ৰ অসমতে ভূমি পট্টা দিয়াৰ প্ৰক্ৰিয়া হিচাপে আজি অসমৰ জিলাই জিলাই ভূমি পট্টা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

শিৱসাগৰ, 5 অক্টোবৰ : ৰাজহ আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগ তথা শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত সোমবাৰে শিৱসাগৰ নগৰৰ যুৱদলত অসম চৰকাৰৰ ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰীলৈ ভূমিপট্টা আৰু আৱণ্টন অনুষ্ঠান অনুষ্ঠিত হয়।

অসম চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনে ভূমিপট্টা বিতৰণ কাৰ্যসূচীত উপস্থিত থাকি জিলাখনৰ ৯৮১ গৰাকী ভূমিহীন লোকক ভূমিপট্টা প্ৰদান কৰে। সোমবাৰে অসমৰ ২৫ খন জিলাত প্ৰায় ৫৫ হাজাৰ ভূমিহীন লোকক পট্টা বিতৰণ কৰা হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাজ্যৰ এক লাখ লোকক মাটি পট্টা প্ৰদানৰ লক্ষ্য ইতিমধ্যে পূৰ হৈছে। ইয়াৰ আগত প্ৰায় ৪৫ হাজাৰ লোকক অসম চৰকাৰৰ তৰফৰ মাটিপট্টা প্ৰদান কৰা হৈছিল। যদিও এক লাখ পৰিয়ালক মাটি পট্টা প্ৰদান কৰা হৈছে তথাপিও উপযুক্ত পৰিয়ালক অনাগত সময়ত ভূমিপট্টা প্ৰদানৰ ব্যৱস্থা কৰা হব বুলি মন্ত্ৰী মহনে জানিবলৈ দিছে। ভূমিহীন লোকক ৰাজহ চক্ৰ কাৰ্যালয়ৰ দ্বাৰা পট্টা লাভৰ বাবে আৱেদন কৰিবলৈ আহবান জনায় মন্ত্ৰী গৰাকীয়ে। তেওঁ ৰাজহ বিভাগক কোনো অনিয়ম নকৰাকৈ ভূমিহীন লোক সকলক পট্টা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ আহবান জনায়। আজিৰ ভূমিপট্টা বিতৰণ কাৰ্যসূচীত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা, থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী,শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষ্মীনন্দন গগৈ,উন্নয়ণ আয়ুক্ত নৱাব আল আজহাৰ আলি উপস্থিত থাকে।

যোৰহাট, 5 অক্টোবৰ : ৰাজহ আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্হাপনা বিভাগ আৰু যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত সোমবাৰে যোৰহাটত অনুষ্ঠিত হ'ল ভূমিহীন খিলঞ্জীয়া হিতাধীকাৰলৈ ভূমি পট্টা তথা ভূমি আৱন্টন পত্ৰ প্ৰদান অনুষ্ঠান ।

মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত যোৰহাট জিলাৰ ৫০১৪ জন লোকক প্ৰদান কৰিলে ভূমি আৱন্টন পট্টা । অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে ভূমি পট্টা প্ৰদানকে ধৰি বিজেপি চৰকাৰৰ উন্নয়ন সম্পৰ্কীয় কেইবাখনো আচঁনি সম্পৰ্কে মন্তব্য আগবঢ়ায়। লগতে মন্ত্ৰী গৰাকীয়ে আজি যোৰহাটৰ বন-আলিত নিৰ্মাণ হৈ থকা উৰনীয়া সেতু পৰ্যবেক্ষণ কৰে। অনুষ্ঠানত উপস্থিত থাকে যোৰহাট জিলাৰ উপায়ুক্তৰ লগতে মৰিয়নী সমষ্টিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মী। আনহাতে অনুষ্ঠানৰ পিছতেই ৰূপজ্যোতি কুৰ্মীয়ে তীব্ৰ সমালোচনা কৰে বিজেপি চৰকাৰক। পুৰ্বতে ভুমি পট্টা প্ৰদান কৰা লোককে পুনৰ পট্টা প্ৰদান কৰি কেৱল মাত্ৰ সংখ্যা বৃদ্ধিৰ অভিযোগ উত্থাপন কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷

হোজাই, 5 অক্টোবৰ : হোজাই জিলাত ১৭০৭ জন হিতাধিকাৰীক ভূমি পট্টা আৰু আৱন্টন পত্ৰ প্ৰদান কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই । ভূমিহীন লোকক অসম চৰকাৰে দ্বিতীয় পৰ্যায়ত প্ৰদান কৰা ৫৫ হেজাৰ মাটিৰ পট্টা প্ৰদানৰ কাৰ্যসূচীৰ অংশস্বৰূপে হোজাই জিলাতো সোমবাৰে মাটিৰ পট্টা আৰু ভূমিৰ আৱন্টন পত্ৰ প্ৰদান কৰা হয় ।

জিলাখনৰ তিনিটা ৰাজহ চক্ৰৰ মুঠ ১৭০৭ জন ভূমিহীন হিতাধিকাৰীক প্ৰদান কৰা হয় মাটিৰ পট্টা আৰু আৱন্টন পত্ৰ । ৰাজহ আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত জিলা সদৰ শংকৰদেৱ নগৰত অনুষ্ঠিত এই কাৰ্যসূচীত হোজাই জিলাৰ উপায়ুক্ত ডা° সাদনেক সিঙো উপস্থিত থাকে ।

নলবাৰী, 5 অক্টোবৰ : অসমৰ খিলঞ্জীয়াৰ জাতি -মাটি-ভেটি সুৰক্ষিত কৰাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিয়া প্ৰতিশ্ৰুতিৰ ফলশ্ৰুতি হিচাপে মাটিৰ পট্টা আৰু ভূমি আবন্টন পত্ৰ দিয়াৰ ব্যৱস্থা কৰা হয়। যোৱা বছৰ প্ৰথম পৰ্যায়ত ভূমি পট্টা প্ৰদান কৰাৰ পিছত সোমবাৰে দ্বিতীয় পৰ্যায়ত সমগ্ৰ অসমতে ভূমি পট্টা দিয়াৰ প্ৰক্ৰিয়া হিচাপে আজি অসমৰ জিলাই জিলাই ভূমি পট্টা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
নলবাৰী জিলাত সোমবাৰে নাট্য মন্দিৰত অনুষ্ঠিত ভূমি পট্টা প্ৰদান অনুষ্ঠানত ভূমিহীন লোকক ভূমি পট্টা আৰু আবন্টন পত্ৰ প্ৰদানৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ পৰিবহন , উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ।

অনুষ্ঠানত বিধায়ক অশোক শৰ্মা, নাৰায়ণ ডেকা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা, উপায়ুক্ত পূৰৱী কোঁৱৰৰ লগতে বিষয়া-কৰ্মচাৰী, চক্ৰ বিষয়াসকল আৰু হিতাধিকাৰীসকল উপস্থিত থাকে। ইফালে পশ্চিম নলবাৰীত সাংবাদিক আক্ৰমণৰ ঘটনাক গৰিহণা দিয়ে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ।

ইফালে ভাষণ প্ৰসংগত জয়ন্ত মল্ল বৰুৱাই ভাষণত সোমবাৰে নলবাৰীত হোৱা ছাত্র সন্থাৰ প্ৰতিবাদক কটাক্ষ কৰি কয় যে, সন্মুখত কিছুমানে চিঞৰি আছে কিন্তু কি আইন কি কথা একো নাজানে। তেওঁলোকে এনেদৰেই আন্দোলন চলাই চান্দা সংস্কৃতিৰে তেওঁলোক চলি থাকিব লাগে বুলি সমালোচনা কৰে।

ডিব্ৰুগড়, 5 অক্টোবৰ : ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে এক লাখ ভূমিহীন হিতাধিকাৰীলৈ ভূমি পট্টা আৰু আবণ্টন পত্ৰ বিতৰণৰ বাবে হাতত লোৱা কাৰ্যসূচীৰ অংশস্বৰূপে সোমবাৰে ডিব্ৰুগড় জিলাতো ২৬৯২ গৰাকী ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰীক ভূমি পট্টা আৰু আবণ্টন পত্ৰ বিতৰণ কৰা হয় ৷

ডিব্ৰুগড়ৰ ইণ্ডিয়া ক্লাব প্ৰেক্ষাগৃহত ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এক সমাৰোহত ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰীক আনুষ্ঠানিকভাৱে ভূমি পট্টা আৰু আবণ্টন পত্ৰ প্ৰদান কৰা হয় ৷

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংশোধন উদ্যোগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী মুখ্য অতিথিৰূপে উপস্থিত থকা আজিৰ সমাৰোহত আনুষ্ঠানিকভাৱে সাত গৰাকী হিতাধিকাৰীলৈ ভূমি পট্টা আৰু ১৪ গৰাকী হিতাধিকাৰীলৈ আবণ্টন পত্ৰ আগবঢ়ায়। উল্লেখ্য যে, আজি ভূমি পট্টা আৰু আবণ্টন পত্ৰ লাভ কৰা ২৬৯২ গৰাকী হিতাধিকাৰীৰ ভিতৰত ১০২ জনলৈ ভূমি পট্টা আৰু ২৫৯০ জন হিতাধিকাৰীলৈ আবণ্টন পত্ৰ আগবঢ়োৱা হৈছে ৷ সমাৰোহত ডিব্ৰুগড়, লাহোৱাল, দুলীয়াজান, নাহৰকটীয়া, মৰাণ সমষ্টিৰ বিধায়কসকল ক্ৰমে প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা, তেৰছ গোৱালা, নৰেন সোনোৱাল, চক্ৰধৰ গগৈ, ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু অন্যান্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

হাইলাকান্দি, 5 অক্টোবৰ : অসম চৰকাৰে পৰ্যায়ক্ৰমে ৰাজ্যৰ সকলো খিলঞ্জীয়া ভূমিহীন লোকক ভূমি পট্টা প্ৰদান কৰিব । ৰাজ্যত লাখ লাখ খিলঞ্জীয়া ভূমিহীন লোকৰ সংখ্যা প্ৰকাশ হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰিছিল এই ঘোষণা। ইতিমধ্যেই প্ৰথম পৰ্যায়ত ৰাজ্যৰ ৪৫ হাজাৰ পৰিয়ালক ভূমি পট্টা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। সোমবাৰে দ্বিতীয় পৰ্যায়ত ৰাজ্যৰ ২৫ খন জিলাৰ ৫৫ হাজাৰ খিলঞ্জীয়া পৰিয়ালক প্ৰদান কৰা হৈছে ভূমি পট্টা আৰু আবণ্টন পত্ৰ ৷

ৰাজ্যৰ অন্যান্য জিলাৰ লগতে সোমবাৰে হাইলাকান্দি জিলাৰ ৬০৩ টা খিলঞ্জীয়া পৰিয়ালক চৰকাৰী ভাবে প্ৰদান কৰা হয় ভূমি পট্টা আৰু আবন্টন পত্ৰ । এই উপলক্ষে আয়োজিত অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে শিলচৰৰ সাংসদ তথা প্ৰদেশ বিজেপিৰ সাধাৰণ সম্পাদক ৰাজদীপ ৰয়।

লগতে পঢ়ক : লখিমপুৰত ধন উৎকোচ লৈ গ্ৰেপ্তাৰ বন বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.