ETV Bharat / state

যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি: হত্যাৰ সন্দেহ

author img

By

Published : Aug 20, 2020, 1:12 PM IST

হাইলাকান্দিত জন্মদিনৰ নিমন্ত্ৰণ ৰক্ষাৰ উদ্দেশ্যে যোৱা এগৰাকী যুৱকক হত্যা কৰে দুৰ্বৃত্তই ৷ সুমন দাস নামৰ যুৱকগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ৷ হাইলাকান্দি আৰক্ষীয়ে ঘটনাৰ উচিত তদন্তৰ আশ্বাস প্ৰদান কৰে ৰাইজক ৷

Heated situation centered on the death of a young man in hailakandi assam etv bharat news
যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

হাইলাকান্দি,20 আগষ্ট: হাইলাকান্দি জিলাৰ অন্তৰ্গত জানকী বজাৰ অঞ্চলত সংঘটিত হৈছে এক হত্যাকাণ্ড ৷ উক্ত হত্যাকাণ্ডৰ ফলত প্ৰাণ হেৰুৱাইছে 26 বছৰীয়া সুমন দাস নামৰ এগৰাকী যুৱকে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, যুৱকগৰাকীয়ে একেখন গাঁৱৰে নিশি দাস নামৰ এগৰাকী ব্যক্তিৰ ঘৰলৈ জন্মদিনৰ অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যে গৈছিল ৷ কিন্তু দুৰ্ভাগ্যক্ৰমে যুৱকগৰাকীয়ে পুনৰ উভটি আহি ঘৰ নাপালে ৷ জন্মদিনৰ নিমন্ত্ৰণ ৰক্ষাৰ উদ্দেশ্যে যোৱা যুৱকগৰাকীক কোনো দুৰ্বৃত্তই হাত-ভৰি বান্ধি হত্যাৰ চেষ্টা চলায় ৷ পৰৱৰ্তী সময়ত এচাম সচেতন লোকৰ তৎপৰতাত দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা যুৱকগৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰি পাঁচগ্ৰামস্থিত কালিনগৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱায় ৷ কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটা যুৱকগৰাকীক পিছত উন্নত চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ বুধবাৰে যুৱকগৰাকীয়ে চিকিৎসাধীন অৱস্থাতে মৃত্যুক আঁকোৱালি লয় ৷

ইফালে সুমনৰ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে ৷ পেচাত এগৰাকী গাড়ীচালক হোৱা হেতুকে যুৱকগৰাকীৰ সকলোৰে সৈতে এক সু-সম্পৰ্ক আছিল ৷ উত্তপ্ত ৰাইজক নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হয় হাইলাকান্দি আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়াসকল ৷ জিলা উপ-আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা ঘটনাস্থলীত উপস্থিত হৈ উচিত তদন্তৰ আশ্বাস প্ৰদান কৰে ৰাইজক ৷ তদুপৰি ঘটনা সন্দৰ্ভত পাঁচগ্ৰাম আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ অধীনত 67/2020 নম্বৰত এক গোচৰ ৰুজু কৰাৰ উপৰিও আটক কৰা হৈছে তিনিগৰাকী ব্যক্তিক ৷ স্থানীয় ৰাইজে ই এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰি দোষীৰ উচিত শাস্তি দাবী কৰিছে ৷

লগতে চাওকঃ যোৰহাটত ইউৰিয়া সাৰৰ নাটনি, বৃহৎ ক'লা বজাৰ গঢ়ি উঠাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.