ETV Bharat / state

হাইলাকান্দিৰ কোৱাৰেণ্টাইন চেণ্টাৰত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Jun 18, 2020, 7:59 PM IST

হাইলাকান্দি জিলাৰ মনাছেড়া জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰাবাসত স্থাপিত কোৱাৰেণ্টাইন চেণ্টাৰত বৃহস্পতিবাৰে সৃষ্টি হ'ল এক উত্তপ্ত পৰিস্থিতিৰ । ‍১২ দিনৰ অন্ততো কেন্দ্ৰটোত থকা আবাসিক সকলৰ স্বাব টেষ্টৰ ফলাফল নহাত কোৱাৰেণ্টাইন চেণ্টাৰটোত থকা একাংশই সৃষ্টি কৰিলে উত্তেজনাৰ ।

hailakandi quarantine center protest
হাইলাকান্দিৰ কোৱাৰেণ্টাইন চেণ্টাৰত উত্তপ্ত পৰিস্থিতি

হাইলাকান্দি,১৮ জুন: হাইলাকান্দিৰ এটা কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা আবাসিক সকলৰ স্বাব টেষ্টৰ ফলাফল নাহিল ১২ দিন পৰ্যন্ত । ফলত কেন্দ্ৰটোত আবদ্ধ আবাসিক সকলৰ মাজত দেখা গ'ল ক্ষোভৰ । জানিব পৰা মতে, জিলা প্ৰশাসনে এইসকল আবাসিকৰ পুনৰ স্বোৱাব লোৱাৰ নিৰ্দেশ দিছে । সেয়ে পূৰ্বে লোৱা স্বাব সবিশেষ হেৰুৱাই পেলোৱাৰ অভিযোগ তুলিছে কেন্দ্ৰটোত আবদ্ধ ভুক্তভোগী আবাসিক সকলে । জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ এনে ল'ৰা ধেমালীত অতীষ্ঠ হৈ বৃহস্পতিবাৰে মনাছেড়া জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰাবাসত স্থাপিত কোৱাৰেণ্টাইন চেণ্টাৰৰ চৌহদ উত্তাল কৰি তুলে চেণ্টাৰত থকা আবাসিক সকলে ।

ছাত্ৰাবাসৰ 'জি' আৰু 'এফ' ব্লকৰ দুটা বিল্ডিঙত পৃথকে পৃথকে দুটা কোৱাৰাণ্টাইন চেণ্টাৰ নিৰ্মাণ কৰা হৈছিল । 'জি' ব্লকত যি সকল লোকৰ কোৱাৰেণ্টাইন কৰা হৈছিল, সেইসকলৰ পৰীক্ষাৰ ফলাফল ৪ দিনৰ ভিতৰতে আহে যদিও নাহিল আনটো ব্লকত থকা লোকসকলৰ। আনহাতে পৰীক্ষাৰ ফলাফল পোৱাৰ পাছতে জি' ব্লকৰ সকলোকে ঘৰলৈ যাবৰ বাবে অনুমতি প্ৰদান কৰিলে যদিও 'এফ' ব্লকত থকা ব্যক্তিসকলক আজি পৰ্যন্ত আবদ্ধ কৰি ৰাখি থোৱা হৈছে।

বৰ্তমানলৈকে আবদ্ধ আবাসী সকলে প্ৰশাসনৰ পৰা কোনো সুদুত্তৰ বাবে প্ৰশ্ন কৰিলেও নাপাই কোনো যথোচিত উত্তৰ । সেয়েহে প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ এনে কাণ্ডত অতীষ্ঠ হোৱাৰ লগতে অতি শীঘ্ৰে তেওঁলোকক মুকলি কৰি দিয়াৰ দাবীৰে বৃহস্পতিবাৰে সাব্যস্ত কৰে প্ৰতিবাদ ।

ইফালে খাদ্যবস্তুৰ বাবে হাহাকাৰ কৰিছে হাইলাকান্দিৰ আন এটা কোৱাৰেণ্টাইন চেণ্টাৰত থকা অবাসিক সকলে । Dr. Soshi Bhushan Institute of Education ত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰটোত বুধবাৰে হায়দৰাবাদৰ পৰা অহা বহুসংখ্যক লোকক ৰখাৰ ব্যৱস্থা কৰা হৈছিল ।জিলা প্ৰশাসনে এটা দিন অতিক্ৰম কৰাৰ পাছতো বৰ্তমানলৈকে লোকসকলক কোনো খাদ্যবস্তু যোগান নধৰাৰ অভিযোগ উঠিছে । ফলত ভোকাতুৰ এইসকল লোকেও কৰিব লগা হৈছে প্ৰতিবাদ । পৰিস্থিতিয়ে অন্য দিশলৈ গতি কৰাৰ পূৰ্বেই চেণ্টাৰটোত আৰক্ষী আৰু জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া উপস্থিত হৈ পৰিস্থিতি শান্ত কৰাৰ লগতে খাদ্য বস্তু যোগানৰ ব্যৱস্থা কৰে । জিনাখনত অস্থায়ীভাৱে স্থাপিত কোৱাৰেণ্টাইন চেণ্টাৰ সমূহত চলা এনে অনিয়মে এতিয়া সকলোকে কৰি তুলিছে অধিক চিন্তিত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.