হাইলাকান্দি, 19 ছেপ্তেম্বৰঃ হাইলাকান্দিত কাঠাখাল নৈৰ গৰাখহনীয়াই ধাৰণ কৰিছে ভয়ংকৰ ৰূপ ৷ বিগত কেইবা বছৰ ধৰি নৈখৰ তীব্ৰ খহনীয়াই ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে মাটিজুৰি অঞ্চলৰ পাৰ্শ্বৱৰ্তী এলেকাৰ ৰাইজ বাবে ৷ যাৰ বাবে মাটিজুৰিৰ প্ৰায় দহ হাজৰৰো অধিক পৰিয়ালে আসন্ন বিপদৰ শংকাত দিন পাৰ কৰিবলগীয়া হৈছে ৷ ইতিমধ্যেই বিগত কেইবাদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত নৈখনৰ জলপৃষ্ঠ বৃদ্ধি পাইছে ৷
মাটিজুৰিৰ ৰাইজৰ এই সমস্যাৰ প্ৰতি কিন্তু কোনো গুৰুত্ব নাই ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ ৷ যাৰ বাবে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷ মন্ত্ৰীগৰাকীৰ এই দায়িত্বজ্ঞানহীনতাৰ বাবে তেখেতক অসমৰ আটাইতকৈ বিফল মন্ত্ৰী বুলি মন্তব্য কৰে সংগঠনটোৰ কাৰ্যবাহী সম্পাদক কবীৰ আহমেদ লস্কৰে ৷
লগতে পঢ়ক-সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে সৰৱ দৰং জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদ