ETV Bharat / state

হাইলাকান্দিত চিকিৎসালয়তে চিকিৎসাৰ বাবে হাহাকাৰ ক'ভিড আক্ৰান্তৰ - ছ'চিয়েল মিডিয়া

হাইলাকান্দিত ২৪ ঘন্টা ধৰি বিনা চিকিৎসাই থাকিবলগীয়া হৈছে এজন কৰ'ণাত আক্ৰান্ত লোক ৷ ইতিমধ্যে ছ'চিয়েল মিডিয়াত এটা ভিডিঅ’ যোগে চিকিৎসাৰ বাবে কৰুণ আহ্বান জনাইছে চিকিৎসকক কৰ'ণাত আক্ৰান্ত লোক জনে ৷

COVID-19 PATIENT APPEAL FOR TREATMENT AT HAILAKANDI
হাইলাকান্দিত চিকিৎসালয়তে চিকিৎসাৰ বাবে হাহাকাৰ ক'ভিড আক্ৰান্তৰ
author img

By

Published : Aug 17, 2020, 11:22 PM IST

হাইলাকান্দি,17 আগষ্টঃ হাইলাকান্দি এচ কে ৰায় অসামৰিক হাস্পতালৰ ক'ভিড ৱাৰ্ডৰ পৰা এগৰাকী ক'ভিড পজিটিভ ৰোগীয়ে চিকিৎসাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷ ২৪ ঘন্টাৰ পৰা বিনা চিকিৎসাই লোকজন হাস্পতালখনৰ বিচনাত আছে যদিও এতিয়ালৈকে চিকিৎসালয়খনৰ চিকিৎসকে দিয়া হোৱা নাই কোন চিকিৎসা সেৱা। ইফালে কোনো এজন চিকিৎসক বা অন্য স্বাস্থ্য কৰ্মী এজনেও কৰ'ণাত আক্ৰান্ত লোকজনৰ কাষত উপস্থিত হোৱা নাই বুলি গুৰুতৰ অভিযোগ কৰিছে ।

হাইলাকান্দিত চিকিৎসালয়তে চিকিৎসাৰ বাবে হাহাকাৰ ক'ভিড আক্ৰান্তৰ

উল্লেখ্য যে, হাইলাকান্দি জিলাৰ কাঠলিছেৰাৰ কৃষ্ণ পাল নামৰ লোকজন মূৰৰ বিষ আৰু চকুৰ ৰোগত আক্ৰান্ত হৈ অন্য এখন চিকিৎসালয়ত ভৰ্তি হৈছিল ৷ কিন্তু স্বাস্থ্য পৰীক্ষাৰ অন্তত তেওঁৰ কৰ'ণা পজিটিভ ৰিপৰ্ট অহাত দেওবাৰে এচ কে ৰায় অসামৰিক হাস্পতালৰ ক’ভিড ৱাৰ্ডত ভৰ্তি কৰায়।

কিন্তু উক্ত চিকিৎসালয় খনত ভৰ্তি কৰাৰ পিছৰে পৰা চিকিৎসকে কৃষ্ণ পালক কোনো চিকিৎসা প্ৰদান নকৰা বুলি অভিযোগ কৰে। ইফালে হাস্পতালৰ বিচনাৰ পৰাই এটা ভিডিঅ’ ছ'চিয়েল মিডিয়াত আপলোড কৰি চিকিৎসা প্ৰদানৰ বাবে কাতৰ অনুৰোধ কৰিছে কৃষ্ণ পালে। এই ভিডিঅ'টো সম্প্ৰচাৰ হোৱা পিছৰে পৰাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাইজৰ মাজত ৷

লগতে পঢ়ক- এগৰাকী ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি গোলাঘাট ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.