হাইলাকান্দি, 29 জুনঃ হাইলাকান্দিত পেট্ৰ'ল ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ হাইলাকান্দি জিলা কংগ্ৰেছৰ দলীয় কৰ্মী সকলে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷
সমগ্ৰ অসমৰ লগতে সোমবাৰে হাইলাকান্দি জিলাটো পেট্ৰ'ল ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাইলাকান্দি জিলা কংগ্ৰেছৰ সদস্য সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ দুপৰীয়া 12 বজাত হাইলাকান্দি জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ সম্মুখত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷ তাৰোপৰি জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে ৷ অতি শীঘ্ৰে পেট্ৰ'ল ডিজেলৰ মুল্য হ্ৰাস কৰিবলৈ চৰকাৰক দাবী জনাই প্ৰতিবাদকাৰী সকলে ৷ উক্ত প্ৰতিবাদত কংগ্ৰেছ দলৰ বহু নেতাৰ লগতে সদস্য সকলে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক- ডিজেল-পেট্ৰ'লৰ মূল্য বৃদ্ধিলৈ কংগ্ৰেছৰ প্ৰতিবাদ