ETV Bharat / state

হাইলাকান্দিত বৰাক ডেম'ক্ৰেটিক ষ্টুডেণ্ট ফ্ৰণ্টৰ প্ৰতিবাদ

author img

By

Published : Feb 3, 2021, 7:03 AM IST

Updated : Feb 3, 2021, 11:52 AM IST

মঙলবাৰে হাইলাকান্দিত আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰে বৰাক ডেম'ক্ৰেটিক ষ্টুডেণ্ট ফ্ৰণ্টে ৷ জিলাখনৰ শ্বহীদ বেদীত এই অনশন কাৰ্যসূচী ৰূপায়ণ কৰি ৰাজনৈতিক ষড়যন্ত্ৰ কোনো কাৰণতে মানি লোৱা নহ'ব বুলি স্পষ্ট কৰাৰ লগতে সংগঠনটোৱে প্ৰতিবাদ অব্যাহত ৰাখিব বুলিও হুংকাৰ দিয়ে ৷

bdsf-protest-in-hailakandi
হাইলাকান্দিত বৰাক ডেম'ক্ৰেটিক ষ্টুডেণ্ট ফ্ৰণ্টৰ প্ৰতিবাদ

হাইলাকান্দি,3ফেব্ৰুৱাৰী:মঙলবাৰে হাইলাকান্দিত আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰে বৰাক ডেম'ক্ৰেটিক ষ্টুডেণ্ট ফ্ৰণ্টে ৷ জিলাখনৰ শ্বহীদ বেদীত এই অনশন কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে ৷ জানিব পৰা মতে,সংগঠনটোৰ উদ্যোগত কাটলিছেৰা সমষ্টিত ভোটাৰ সজাগতা অভিযানৰ লগতে এক ৰাজহুৱা সভাৰো আয়োজন কৰিছিল ৷ এইক্ষেত্ৰত জিলা প্ৰশাসনৰ তৰফৰ পৰাও অনুমতি প্ৰদান কৰা হৈছিল ৷

কিন্তু লক্ষণীয়ভাৱে মঙলবাৰে সন্ধিয়া হঠাৎ সেই অনুমতি বাতিল কৰা হয় ৷ যাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ বিৰুদ্ধে সৰৱ হৈ আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে ৷ আনহাতে,সংগঠনটোৰ অভিযোগ কাটলিছেৰাৰ বিধায়ক সুজাম উদ্দিন লস্কৰৰ নিৰ্দেশত প্ৰশাসনে সভাৰ অনুমতি বাতিল কৰিছে ৷ ইপিনে, ৰাজনৈতিক ষড়যন্ত্ৰ কোনো কাৰণতে মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি সংগঠনটোৱে প্ৰতিবাদ অব্যাহত ৰাখিব বুলিও হুংকাৰ দিয়ে ৷

লগতে পঢ়কঃমুম্বাইত পুনৰ এনছিবিৰ অভিযান, গ্ৰেপ্তাৰ ৩ জন

Last Updated : Feb 3, 2021, 11:52 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.