ETV Bharat / state

অটল অমৃত অভিযানঃ হাইলাকান্দিৰ ৰাইজে কি পালে ! - অটল অমৃত অভিযান হাইলাকান্দি

জিলাখনত ২৭৪৯৭৪ জন লোকৰ অটল অমৃত কাৰ্ড বনোৱা হৈছে বুলি অটল অমৃত অভিযানৰ হাইলাকান্দি শাখাৰ বিষয়াই জানিবলৈ দিয়ে ৷ কিন্তু "অটল অমৃত অভিযান" অধীনত থকা 5 টা ৰোগৰ এটা ৰোগৰো চিকিৎসা প্ৰদান কৰা হোৱা নাই হাইলাকান্দি সন্তুষ কুমাৰ ৰয় অসামৰিক চিকিৎসালয়ত ৷ ফলত বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় ৰোগীসকল ৷

অটল অমৃত অভিযানঃ হাইলাকান্দি ৰাইজৰ প্ৰাপ্তি-অপ্ৰাপ্তি

author img

By

Published : Feb 10, 2020, 6:55 PM IST

Updated : Feb 10, 2020, 8:40 PM IST

হাইলাকান্দি, 10 ফেব্ৰুৱাৰীঃ কেন্দ্ৰৰ শাসনাধিস্থিত বিজেপি চৰকাৰখনে দেশৰ জনসাধাৰণৰ বাবে গ্ৰহণ কৰিছে কেতবোৰ জনকল্যাণমুখী আঁচনি ৷ জনকল্যাণকামী আঁচনিসমূহৰ ভিতৰত স্বাস্থ্য খণ্ডত গ্ৰহণ কৰা হৈছিল "অটল অমৃত অভিযান" আচঁনি ৷ দুখীয়া,অভাৱগ্ৰস্ত লোকসকল যাতে অৰ্থৰ অভাৱত চিকিৎসা সেৱা গ্ৰহণৰ পৰা বঞ্চিত হ'বলগীয়া নহয় অথবা ৰোগীৰ পৰিয়ালটো সৰ্বস্বান্ত হ'বলগীয়া নহয় তাৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰে "অটল অমৃত অভিযান"

সমগ্ৰ দেশৰ ভিতৰতে "অটল অমৃত অভিযান" আঁচনিখন স্বাস্থ্য সেৱাৰ এখন উল্লেখযোগ্য আঁচনি হিচাপে পৰিগণিত হৈছে ৷ হাইলাকান্দি জিলা স্বাস্থ্য বিষয়াৰ পৰা জানিব পৰা মতে, ৰাজ্যখনৰ অন্যান্য জিলাৰ লগতে হাইলাকান্দিটো বহু সংখ্যক ৰোগীয়ে এই আচঁনিখনৰ জৰিয়তে বিনামূলীয়া চিকিৎসা লাভ কৰিবলৈ সক্ষম হৈছে ৷ হাইলাকান্দি জিলাত এতিয়ালৈকে ৬৩ জন ৰোগীয়ে "অটল অমৃত অভিযান"ৰ জৰিয়তে চিকিৎসা সেৱা লাভ কৰিছে ৷ আনহাতে শিলচৰ মেডিকেল কলেজ হাস্পাতালত আৰু অন্যান্য হাস্পতালত এতিয়ালৈ বহু সংখ্যক ৰোগীয়ে "অটল অমৃত অভিযান"ৰ জৰিয়তে চিকিৎসা সেৱা লাভ কৰিছে ৷

অটল অমৃত অভিযানঃ হাইলাকান্দি ৰাইজৰ প্ৰাপ্তি-অপ্ৰাপ্তি

কেৱল অটল অমৃত অভিযানেই নহয় জানিব পৰা মতে, "প্ৰধানমন্ত্ৰী আয়ুস্মান ভাৰত যোজনা" ৰ জৰিয়তেও হাইলাকান্দি হাস্পতালৰ পৰা প্ৰেৰণ কৰা কেইবাজনো ৰোগীক সেৱা আগবঢ়োৱা হৈছে । শিলচৰ মেডিকেল কলেজ হাস্পতালত "অটল অমৃত অভিযান"ৰ জৰিয়তে ৰোগীয়ে আই চি ইউৰ বিনামূলীয়া সেৱাও লাভ কৰিছে ৷ যিহেতু হাইলাকান্দি সন্তুষ কুমাৰ ৰায় আসামৰিক চিকিৎসালয়ত সুবিধা নথকাৰ ফলত উক্ত হাস্পাতালখনৰ পৰা প্ৰেৰণ কৰা বহু কৰ্কট আৰু হৃদযন্ত্ৰৰ ৰোগীয়ে শিলচৰ মেডিকেল কলেজ হাস্পাতালত চিকিৎসাৰ সুবিধা লাভ কৰিছে ৷

লগতে পঢ়কঃ নগাঁৱৰ কেবাগৰাকী বিশেষজ্ঞ চিকিৎসকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা

ইতিমধ্যে হাইলাকান্দি জিলাৰ সন্তুষ কুমাৰ ৰয় অসামৰিক চিকিৎসালয়ত ২০৯৩ খন কাৰ্ড বনোৱাৰ লগতে আশা কৰ্মীসকলে জিলাখনৰ গাঁৱে গাঁৱে গৈ প্ৰায় ২,৭২,৮৮১খন কাৰ্ড বনাইছে ৷ মুঠতে জিলাখনত ২,৭৪,৯৭৪ জন লোকৰ অটল অমৃত কাৰ্ড বনোৱা হৈছে বুলি অটল অমৃত অভিযানৰ হাইলাকান্দি শাখাৰ বিষয়াই জানিবলৈ দিয়ে ৷ কিন্তু "অটল অমৃত অভিযান" অধীনত থকা 5 টা ৰোগৰ মাজত এটা ৰোগৰো চিকিৎসা প্ৰদান কৰা হোৱা নাই হাইলাকান্দি সন্তুষ কুমাৰ ৰয় অসামৰিক চিকিৎসালয়ত ৷ ফলত বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় ৰোগীসকল ৷

Intro:SLUG:-ATOL AMRIT YOJNA DISTRICT UPDATE.

Body:O/C:-কেন্দ্ৰৰ শাসনাধিস্থিত বিজেপি চৰকাৰখনে দেশৰ জনসাধাৰণৰ বাবে গ্ৰহণ কৰিছে কেতবোৰ জনকল্যাণমুখী আঁচনি ৷ চৰকাৰে গ্ৰহণ কৰা জনকল্যাণকামী আঁচনিসমূহৰ ভিতৰত স্বাস্থ্যৰ ক্ষেত্ৰত গ্ৰহণ কৰা আঁচনিবোৰেই বিশেষভাৱে দুখীয়া,অভাৱগ্ৰস্ত কোনো লোকে যাতে অৰ্থৰ অভাৱত চিকিৎসা সেৱা গ্ৰহণৰ পৰা বঞ্চিত হ'বলগীয়া নহয় অথবা ৰোগীৰ পৰিয়ালটো সৰ্বস্বান্ত হ'বলগীয়া নহয় তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছিল 'অটল অমৃত যোজনা' ৷ সমগ্ৰ দেশৰ ভিতৰতে 'অটল অমৃত যোজনা' আঁচনিখন স্বাস্থ্য সেৱাৰ এখন উল্লেখযোগ্য আঁচনি হিচাপে পৰিগণিত হৈছে ৷হাইলাকান্দি জিলা স্বাস্থ্য বিষয়াৰ পৰা জানিব পৰা মতে, ৰাজ্যখনৰ অন্যান্য জিলাৰ লগতে হাইলাকান্দি জিলাতো বৃহৎসংখ্যক ৰোগীয়ে 'অটল অমৃত যোজনা'ৰ জৰিয়তে বিনামূলীয়া চিকিৎসা লাভ কৰিবলৈ সক্ষম হৈছে ৷ হাইলাকান্দি জিলাত এতিয়ালৈকে ৬৩ জন ৰোগীয়ে 'অটল অমৃত যোজনা'ৰ জৰিয়তে চিকিৎসা সেৱা লাভ কৰিছে ৷ ইপিনে শিলচৰ মেডিকেল কলেজ আৰু অন্যান্য হাস্পতালত এতিয়ালৈ বহু সংখ্যক ৰোগীয়ে 'অটল অমৃত যোজনা'ৰ জৰিয়তে চিকিৎসা সেৱা লাভ কৰিছে ৷ কেৱল 'অটল অমৃত যোজনা'ই মাথো নহয়, 'প্ৰধানমন্ত্ৰী আয়ুস্মান ভাৰত যোজনা'ৰ জৰিয়তে হাইলাকান্দি হাস্পতালৰ পৰা প্ৰেৰন কৰা বহু গৰাকী ৰোগীলৈ সেৱা আগবঢ়োৱা হৈছে বুলি জানিব পৰা গৈছে।শিলচৰ মেডিকেল কলেজ হাস্পতালত 'অটল অমৃত যোজনা'ৰ জৰিয়তে ৰোগীয়ে আই চি ইউৰ বিনামূলীয়া সেৱাও লাভ কৰিছে ৷ অৱশ্যে হাইলাকান্দি সন্তুষ কুমাৰ ৰায় আসামৰিক চিকিৎসালয়ৰ পৰা প্ৰেৰন কৰা শিলচৰ মেডিকেল কলেজ হাস্পতালত এই মূহুৰ্তলৈকে কৰ্কট আৰু হ্নদ ৰোগৰ চিকিৎসাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে বহু ৰোগীয়ে ৷ হাইলাকান্দি সন্তুষ কুমাৰ ৰয় অসামৰিক চিকিৎসালয়ত অটল অমৃত যোজনাৰ অধীনত থকা ১২ টা ৰোগৰ মাজত এটাৰ ও চিকিৎসা ন'হয় এইখন হাস্পতালত যাৰভাবে বহু অসুবিধাৰ সম্মূখন হব লগীয়া হয় ৰোগীসকল ৷ উল্লেখ্য যে কেৱল হাইলাকান্দি জিলাত সন্তুষ কুমাৰ ৰয় অসামৰিক চিকিৎসালয়ত এটিয়ালৈকে ২০৯৩ খন কাৰ্ড বনাইছে লগতে আসা কৰ্মীসকলে গাঁও এ গাঁও এ গৈ প্ৰায় ২৭২৮৮১ জনৰ কাৰ্ড বনাইছৈ অৰ্থাৎ হাইলাকান্দি জিলাত মোট ২৭৪৯৭৪ জনৰ অটল অমৃত কাৰ্ড বনোৱা হৈছে বুলি জানিবলৈ দিয়ে অটল অমৃত যোজনাৰ হাইলাকান্দি শাখাৰ বিষয়াজনে।

BYTE:-1.DR.SUDIP CHAKRABARTY(SUPERINDENT OF HEALTH HAILAKANDI CIVIL HOSPITAL)

2.ABDUL KASHIM LASKAR.(PMJAY/ATOL AMRIT YOJNA OFFICER)Conclusion:
Last Updated : Feb 10, 2020, 8:40 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.