ETV Bharat / state

হাইলাকান্দিৰ ভিক্টোৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কদৰ্যময় পৰিৱেশ

author img

By

Published : Nov 5, 2020, 1:53 PM IST

কোৱাৰেন্টাইন চেণ্টাৰ স্থাপন কৰিবলৈ দি এতিয়া বিপাঙত পৰিছে হাইলাকান্দিৰ চৰকাৰী ভিক্টোৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষ। বিদ্যালয়খনৰ পৰা ক'ভিড কেয়াৰ চেণ্টাৰ আঁতৰাই নিয়াৰ পিছতো আৰম্ভ কৰিব পৰা নাই পাঠদান। বিদ্যালয়খনৰ ৫০ শতাংশ আন্তগাঁথনি ক্ষতিগ্ৰস্ত। কোৱাৰেন্টাইন চেণ্টাৰত থকা লোকে ব্যৱহাৰ কৰা সামগ্ৰী এতিয়াও বিদ্যালয় চৌহদতে পৰি আছে। ডেক্স-বেঞ্চ,চকী-মেজ সকলো বিনষ্ট।

হাইলাকান্দিৰ ভিক্টোৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কদৰ্যময় পৰিৱেশ
হাইলাকান্দিৰ ভিক্টোৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কদৰ্যময় পৰিৱেশ

হাইলাকান্দি, ৫ নৱেম্বৰ: সুদীৰ্ঘ ৭ মাহৰ পিছত যোৱা ২ নৱেম্বৰৰ পৰা শিক্ষা বিভাগৰ নিৰ্দেশমৰ্মে ৰাজ্য়ৰ শিক্ষানুষ্ঠানসমূহত পাঠদান আৰম্ভ কৰা হৈছে। কিন্তু এতিয়াও কেতবোৰ শিক্ষানুষ্ঠানত আৰম্ভ কৰিব পৰা নাই পাঠদান প্ৰক্ৰিয়া। লকডাউনৰ সময়ত বহি:ৰাজ্যৰ পৰা অহা নাগৰিকসকলক ৰখাৰ বাবে ব্যৱহৃত হৈছিল হাইলাকান্দি জিলা সদৰত স্থিত চৰকাৰী ভিক্টোৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়। পিছে বিদ্য়ালয় খুলি চকু কপালত উঠিল কৰ্তৃপক্ষৰ।

কোৱাৰেন্টাইন চেণ্টাৰ আঁতৰাই নিলে ঠিকেই। কিন্তু কোৱাৰেণ্টাইন চেণ্টাৰত থকা লোকে কৰি যোৱা ক্ষয়-ক্ষতিৰ বাবে পাঠদান আৰম্ভ কৰিব পৰা নাই বিদ্যালয় কৰ্তৃপক্ষই। বিদ্যালয় চৌহদত কদৰ্যময় পৰিস্থিতি। শ্ৰেণীকোঠাৰ বাহিৰে-ভিতৰে আছে ভঙা ডেক্স-বেঞ্চ, চকী-মেজ। কোৱাৰেন্টাইনত থকা লোকসকলে নষ্ট কৰিলে বিদ্যালয়খনৰ প্ৰায় ৫০ শতাংশ আন্তগাঁথনি। এই সন্দৰ্ভত বিদ্য়ালয় কৰ্তৃপক্ষই এক পত্ৰযোগে জিলা প্ৰশাসনক অৱগত কৰোৱাৰ পিছতো প্ৰশাসনে বিদ্য়ালয়খন পৰিষ্কাৰ কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

প্ৰশাসনৰ ফালৰ পৰা বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ মৌখিকভাৱে দিয়া হৈছে অধ্যক্ষক। বিদ্য়ালয় কৰ্তৃপক্ষই লিখিত নিৰ্দেশ বিচাৰিছে যদিও কোনো সঁহাৰি লাভ কৰা নাই। আনহাতে,লেতেৰা পৰিৱেশৰ বাবে ছাত্ৰ-ছাত্ৰী অহা নাই বিদ্যালয়লৈ। বহিঃৰাজ্যৰ পৰা অহা লোকক আশ্রয় প্ৰদান কৰি এতিয়া বিপাঙত পৰিছে ভিক্টোৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষ।

লগতে পঢ়ক: তত্বাৱধায়কৰ দায়িত্ব লৈ প্ৰথম বাৰলৈ ৰাজীৱ ভৱনত ভৰি দিলে জিতেন্দ্ৰ সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.