হাইলাকান্দি, ১৮ নৱেম্বৰ: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু নেমছুৰ প্ৰতিবাদত উত্তাল হাইলাকান্দিৰ বন বিভাগৰ কাৰ্যালয়। জিলা বন বিষয়াৰ নিৰ্দেশত আন বিষয়া-কৰ্মচাৰীয়ে অবাধে ছিণ্ডিকেটৰাজ চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সংগঠন দুটাৰ নেতত্বই। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু নেমছুৱে কৰা অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি জিলাখনত অবৈধভাৱে শিল,বালি আৰু কাঠৰ ৰমৰমীয়া বেহা চলি আছে।
এই অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কিন্তু ৰাইজ তথা দল-সংগঠনৰ প্ৰতিবাদৰ প্ৰতি কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। ছিণ্ডিকেটৰাজ বন্ধ কৰাৰ ক্ষেত্ৰত কোনো ব্য়ৱস্থা গ্ৰহণ কৰা নাই। অবৈধ বেহা সন্দৰ্ভত জিলা বন বিষয়া এন এইচ মজুমদাৰক বুধবাৰে সাক্ষাৎ কৰিবলৈ বন বিভাগৰ কাৰ্যালয়লৈ আহে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু নেমছুৰ নেতৃত্ব।
কিন্তু বন বিষয়াগৰাকীয়ে তেওঁলোকক সাক্ষাৎ কৰাৰ বিপৰীতে কাৰ্যালয়ৰ পৰা খেদি পঠিয়ায়। পিছত দুয়োটা সংগঠনৰ সদস্যসকলে বন বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। লগতে বন বিষয়া এন এইচ মজুমদাৰক হাইলাকান্দিৰ পৰা বদলি কৰাৰো দাবী উত্থাপন কৰে।