ETV Bharat / state

NRC আতংকঃ হাইলাকান্দিত মহিলাৰ আত্মহত্যা - হাইলাকান্দি ষ্টেচন ৰোড

NRCৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে হাইলাকান্দিত আত্মহত্যা মহিলাৰ ৷ হাইলাকান্দি ষ্টেচন ৰোডৰ বাসিন্দা সাবিত্ৰী ৰয়ে গাত জুই লগাই আত্মহত্যা কৰে ৷ সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্য ৷

NRC আতঙ্কঃ হাইলাকান্দিত মহিলাৰ আত্মহত্যা
author img

By

Published : Sep 4, 2019, 6:50 PM IST

হাইলাকান্দি, 4 ছেপ্তেম্বৰঃ NRCৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে হাইলাকান্দিত আত্মহত্যা মহিলাৰ ৷ বুধবাৰে হাইলাকান্দি ষ্টেচন ৰোডৰ বাসিন্দা সাবিত্ৰী ৰয়ে গাত জুই লগাই আত্মহত্যাৰ চেষ্ট‍া কৰে ৷ মহিল‍াগৰাকীক সম্পূৰ্ণ অগ্নিদগ্ধ অৱস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়তে মৃত্যুবৰণ কৰে ৷ এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ যোৱা 31আগষ্টত প্ৰকাশিত NRCৰ চূড়ান্ত তালিকাত মহিলাগৰাকীৰ পৰিয়ালৰ আন সকলো সদস্যৰ নাম অন্তৰ্ভুক্ত আছে যদিও মহিলাগৰাকীৰ নাছিল ৷ সেই বাবে মহিল‍াগৰাকীয়ে মানসিকভাৱে ভাগি পৰাৰ ফলত আত্মহত্যা কৰা বুলি জনাইছে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ৷ প্ৰয়োজনীয় নথি-পত্ৰ জমা দিয়াৰ পিছতো NRCৰ পৰা মহিলাগৰাকীৰ নাম কৰ্তন কৰাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷

Intro:SLUG :: নাম নাই NRC তালিকাত। হাইলাকান্দিত আত্মহত্যাৰ চেষ্টা আতঙ্কিত মহিলাৰ।

Body:O/C :: NRC তালিকাত নাম অন্তৰ্ভুক্ত ন'হোৱাৰ বাবে হাইলাকান্দিত মহিলা আত্মহত্যাৰ চেষ্টা। জুই লগাই আত্মহত্যাৰ চেষ্ট‍া হাইলাকান্দি ষ্টেচন ৰোডৰ বাসিন্দা সাবিত্ৰী ৰয়ৰ। সম্পূৰ্ণ অগ্নিদগ্ধ অবস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হৈছে মহিল‍া গৰাকীক।

Conclusion:V/O :: হাইলাকান্দিত NRC আতঙ্ক। NRCৰ সম্পূৰ্ণ তালিকাত নাম নথকাৰ বাবে মহিলাৰ আত্মহত্যাৰ চেষ্টা। বুধবাৰ দিনৰ আনুমানিক ১ বজাত হাইলাকান্দি চহৰৰ ষ্টেচন ৰোডৰ ১ নম্বৰ ওয়াৰ্ডত সংঘঠিত হৈছে এক কৰুণ ঘটনা। হাইলাকান্দিৰ এই গৰাকী মহিলা সাবিত্ৰী ৰয়ে নিজ ঘৰৰ স্নানাগাৰৰ ভিতৰত গাত জুই লগাই চলায় আত্মহত্যাৰ চেষ্টা। প্ৰায় ৯৫ শতাংশ অগ্নিদগ্ধ অবস্থাত মহিলা গৰাকীক পৰিয়ালৰ লোকে লৈ যায় হাইলাকান্দিৰ এচ কে ৰায় অসামৰিক হাস্পতালত। তাৰে পৰা কৰ্তব্যৰত চিকিৎসকে মহিলা গৰাকীক অতি সংকট জনক অবস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। যোৱা ৩১ আগষ্ট প্ৰকাশিত NRC ৰ খচৰাত তালিকাত নাম নথকাৰ বাবে মহিল‍া গৰাকীয়ে আত্মহত্যাৰ চেষ্টা চলাইছে বুলি দাবী কৰিছে মহিলাৰ পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে। জানিব পৰা প্ৰকাশিত খচড়াত মহিলাৰ পৰিয়ালৰ আন সকলো সদস্যৰ নাম অন্তৰ্ভুক্ত হলেও, হোৱা নাছিল মহিল‍া গৰাকীৰ নাম।ঘটনাক লৈ হাইলাকান্দিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

Byte :: Family member & local

######
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.