নিউজ ডেস্ক, 2 জুন : ৰাজ্যত 24 ঘন্টাৰ ভিতৰত ভূমিস্খলনৰ ফলত প্ৰাণ হেৰুৱালে 20 জনকৈ লোকে ৷ বৰাক উপত্যকাৰ তিনিখনকৈ জিলাত সংঘটিত ভূমিস্খলনৰ ফলত বহুকেইজন লোক আহত হোৱাৰো তথ্য লাভ কৰা হৈছে ৷
ৰাজ্যত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত পুৱতি নিশা সংঘটিত হোৱা ভূমিস্খলনত 20 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে ৷ কৰিমগঞ্জত 5 জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে কাছাৰতো প্ৰাণ হেৰুৱাইছে 7 জনে ৷ আনহাতে, হাইলাকান্দিত 2 টাকৈ স্থানত ভূমিস্খলন হোৱাৰ ফলত 7 জন ব্যক্তিৰ মৃত্যু হৈছে ৷ একেটা পৰিয়ালৰে 5 জন সহ মুঠ 7 জন লোকৰ মৃত্যু হৈছে ৷ ইয়াৰে 4 জন শিশু বুলি জানিব পৰা গৈছে ৷
হাইলাকান্দি জিলাৰ ভটৰবজাৰ আৰু মোহনপুৰত (আৰ এ) সংঘটিত এই ভয়াবহ ভূমিস্খলনত 5 জন লোক আহতও হৈছে ৷ মৃত্যু হোৱা লোককেইজন ভটৰবজাৰৰ কুটন মিঞা লস্কৰ(৪০), জুলফা বেগম(৩৫), নাজিৰা বেগম(৪), হাজিৰা বেগম(৬), ফুতুলি বেগম(৩), মতিউৰ ৰহমান লস্কৰ(৬০) আৰু মোহনপুৰৰ চান্দ মনি মাল(৫) বুলি চিনাক্ত কৰা হৈছে ৷
এই মৰ্মান্তিক ঘটনাৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বৰাক উপত্যকাৰ জিলাসমূহত নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে মৃত্যু হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে সোণোৱালে ৷ আনহাতে, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলা প্ৰশাসনক উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলাৰ লগতে দুৰ্গত সকলৰ প্ৰতি সকলো ধৰণৰ সহায়-সহযোগ আৰু উন্নত চিকিৎসা আগবঢ়াবলৈ তেওঁ নিৰ্দেশ প্ৰদান কৰিছে ৷ ইয়াৰোপৰি, দুৰ্ঘটনাত মৃত্যূ হোৱা সকলৰ পৰিয়াললৈ অতি শীঘ্ৰে এক কালীন সাহায্য প্ৰদান কৰিবলৈ তেওঁ জিলা প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰে l